নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ উদ্যোগত ধুবুৰীৰ ৰতিয়াদহত অগ্নিপথ আঁচনিৰ প্ৰাক্–নিয়োগৰ বিশেষ প্ৰশিক্ষণ

নিয়মীয়া বাৰ্তা, ২৬ জুনঃ সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ উদ্যোগত আজিৰ পৰা তিনিদিনীয়া কাৰ্য্যসূচীৰে ধুবুৰী জিলাৰ গোলকগঞ্জৰ সমীপৰ ৰতিয়াদহ চিলাপথাৰ পথাৰত আয়োজিত হৈছে অগ্নিপথ আঁচনীৰ প্ৰাক্–নিয়োগৰ এক বিশেষ প্ৰশিক্ষণ শিৱিৰ। সংগঠনটোৰ ধুবুৰী জিলা সমিতিৰ উদ্যোগত আয়োজিত সেই বিশেষ প্ৰশিক্ষণ শিৱিৰত অঞ্চলটোৰ ২৪০গৰাকীৰো অধিক যুৱক–যুৱতীয়ে অংশ ল’বলৈ নিজৰ নাম পঞ্জীয়ন কৰা বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে। দৈনিক ৰাতিপুৱাৰ পৰা বিয়লিলৈ চলিবলগীয়া তিনিদিনীয়া কাৰ্য্যসূচীৰ আজি প্ৰথম দিনাৰ দুপৰীয়াৰ ফালে প্ৰশীক্ষণত অংশ ল’বলৈ অহা যুৱক–যুৱতীসকলক অগ্নিপথ আঁচনিৰ বিষয়ে সৱিশেষ অৱগত কৰাবলৈ এখন সজাগতামূলক সভাও অনুষ্ঠিত হয়। সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ ধুবুৰী জিলা সমিতিৰ সভাপতি নিখিল চন্দ্ৰ সৰকাৰে আঁত ধৰা সেই সভাখনত সমল ব্যক্তি হিচাবে উপস্থিত থকা সংগঠনটোৰ ৰাজ্যিক সেৱা প্ৰমূখ দেৱাশীষ দত্তই ‘‘অগ্নিপথ আঁচনি’খনৰ বিষয়ে বিশদ ভাৱে ব্যাখ্যা কৰে। আজিৰ এই সভাখনত বিজেপিৰ ধুবুৰী জিলাৰ সভাপতি প্ৰসেনজিৎ দত্ত প্ৰমুখ্যে সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ ধুবুৰী জিলা সমিতিৰ অন্যান্য কাৰ্য্যকৰ্তাসকল উপস্থিত আছিল।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like