নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱৰ বাগৰিত চোৰাং গৰুসহ সৰবৰাহকাৰী গ্ৰেপ্তাৰঃ আন্তঃৰাষ্ট্ৰীয় চোৰাং গৰু সৰবৰাহৰ লগত জড়িত থকাৰ সন্দেহ

বিশেষ বাৰ্তা, ২৬ জুনঃ নগাঁও আৰক্ষীয়ে চোৰাং গৰু সৰবৰাহৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে যদিওঁ একাংশ চোৰাং গৰু সৰবৰাহকাৰীয়ে উজনি আৰু উত্তৰ অসমৰ বিভিন্ন জিলাৰ লগতে নগাঁও জিলাৰ বিভিন্ন স্থানৰ পৰা মেঘালয় হৈ বাংলাদেশলৈ চোৰাং গৰু সৰবৰাহ কৰি আহিছে। নগাঁও জিলাৰ লগতে মৰিগাওঁ, কামৰূপ জিলাৰ কেইবাখনো আৰক্ষী থানাৰ সন্মুখৰে চোৰাং গৰু সৰবৰাহ হৈ আছে। বিগত কেইবাদিনো ধৰি নগাঁও আৰক্ষীয়ে বৰঘাট , চামগুৰি আদিত কেইবাখনো চোৰাং গৰু ভৰ্ত্তি ট্ৰাক জব্দ কৰাৰ লগতে বহু কেইজন চোৰাং গৰু সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ আজিওঁ পুৱতিনিশা নগাঁও আৰক্ষীয়ে চোৰাং গৰু ভৰ্ত্তি এখন ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয় ৷ জিলাখনৰ বাগৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বিকু বৰ্মনৰ নেতৃত্বত আৰক্ষীৰ দলে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বাগৰিত অভিযান চলায়৷ আৰক্ষীৰ অভিযানৰ সময়ত এছ০১জে চি ৯৬১৪ নম্বৰৰ ১২ চকীয়া ট্ৰাকসহ ২২ টা চোৰাং গৰু জব্দ কৰিবলৈ সক্ষম হয় ৷ এই ট্ৰাকখনৰ এছকৰ্ট হিচাপে অহা এ এছ ০১ বি এইচ ৭৭৪২ নম্বৰৰ এখন আৰ্টিকা বাহন খন জব্দ কৰিবলৈ সক্ষম হয় ৷ এই বাহনখনত চাৰিজন আৰু ট্ৰাকখনত দুজন চোৰাং গৰু সৰবৰাহকাৰী আছিল ৷ আৰক্ষীয়ে আটাইকেইজন চোৰাং গৰু সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা চোৰাং গৰু সৰবৰাহকাৰী কেইজন হল- হোজাই জিলাৰ ইছলাম নগৰৰ আব্দুল হামিদ (৪৫) ,পুৰণাকাকীৰ কামাল হুছেইন (৩২) নীলবাগানৰ নিজাম উদ্দিন (৩০) ,লংকা বামুণ গাৱৰ আটিকুৰ ৰহমান (২৭) গোলাঘাট জিলাৰ ডেৰগাওঁ আৰক্ষী থানাৰ অন্তৰ্গত নাহৰনি মাজগাৱৰ জাকিৰ হুছেইন (৪০) আৰু আনোৱাৰ হুছেইন (৪২) ৷ আৰক্ষী সুত্ৰই জনোৱা মতে চোৰাং গৰু খিনি চোৰাং গৰু সৰবৰাহৰ লগত জৰিত দলটোৱে ডেৰগাৱৰ পৰা নীলবাগান আৰু হোজাইলৈ সৰবৰাহৰ বাৱে আনিছিল ৷ সুত্ৰটোৱে জনোৱা মতে নীলবাগান আৰু হোজাইত চোৰাং গৰু মজুত ৰাখি পৰবৰ্ত্তী পৰ্যায়ত নগাঁও, জাগীৰোড , যোৰাবাট হৈ মেঘালয়লৈ নিয়াৰ পৰিকল্পনা কৰিছিল ৷ মেঘালয়ৰ পৰা গৰুখিনি বাংলাদেশলৈ নিয়াৰ কথা আছিল বুলিও নগাঁও আৰক্ষী সুত্ৰই জানিবলৈ দিয়ে। বৰ্তমান ধৃত চোৰাং গৰু সৰবৰাহকাৰী কেইটাক নগাঁও আৰক্ষীয়ে মাৰাথন জেৰা অব্যাহত ৰাখিছে ৷ এই চোৰাং গৰু সৰবৰহকাৰী কেইজন আন্তৰাষ্ট্ৰীয় চোৰাং গৰু সৰবৰাহৰ লগত জড়িত আছে বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে৷

প্ৰেৰক কনক হাজৰিকা

You might also like