নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশেষ লেখা

স্বাধীনতাৰ অমৃত মহোৎসৱ

দত্রাতেয় হোচবোলে
সৰ কার্যবাহ, ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘ

বিভিন্ন ব্যাঘাত আৰু সংকট অতিক্রম কৰি আমাৰ দেশে স্বাধীনতা লাভ কৰিছিল৷ স্বাধীনতাৰ ৭৫ বছৰৰ এহ যাত্রাটো অতি ৰোমাঞ্চকৰ৷ সকলোৱে জানো যে আমাৰ দেশখন স্বাধীন হোৱাৰ লগে লগে বিভাজন সদৃশ পৰিস্থিতিৰ সন্মুখীন হৈছিল আৰু এহ বিভাজনৰ ফলত আৰম্ভ হৈছিল হিংসাত্মক ঘটনাও৷ হয়াৰ ঠিক পাছতে আমি সীমান্তত আক্রমণৰ সন্মুখীন হৈছিলোঁ, কিন্তু এহ প্রত্যাহ্বানবোৰে আমাৰ দেশৰ শক্তিক পৰাজিত কৰিব নোৱাৰিলে৷ এহ প্রত্যাহ্বানসমূহৰ সন্মুখীন হৈ আমাৰ ৰাষ্ট্রই আমাৰ গণতন্ত্রৰ ভেটি শক্তিশালী কৰি আহিছে৷ এহসমূহৰ মাজতেহ ১৯৫২ চনত গণতন্ত্রৰ আটাহতকৈ ডাঙৰ উৎসৱ উদযাপন কৰা হৈছিল আৰু ভাৰতত এখন গণতান্ত্রিক চৰকাৰ স্থাপন কৰিছিল৷
ভাৰতীয় জনসাধাৰণৰ শক্তি আৰু ইচ্ছাই ১৯৪৭ চনৰ পাছত ভাৰতৰ এক অংশ গোৱা, দাদৰা আৰু নগৰ হাভেলি, হায়দৰাবাদ আৰু পুডুচেৰীক পুনৰ একত্রিত কৰাৰ চেষ্টা অব্যাহত ৰাখিছিল আৰু অৱশেষত সমূহ নাগৰিকৰ প্রচেষ্টাৰ জৰিয়তে লক্ষ্যপ্রাপ্ত কৰিছিল৷ বহু সময়ত প্রশ্ন উত্থাপিত হয় যে মাত্র কেইবছৰমান পূর্বে ৰাজনৈতিক স্বাধীনতা লাভ কৰা এখন ৰাষ্ট্রই কেনেকৈ ইমান কম সময়ৰ ভিতৰতে এই লক্ষ্য প্রাপ্ত কৰিব পাৰিলে৷ এই কথা বুজিবলৈ আমি ভাৰতৰ সমাজক বুজিব লাগিব৷ সকলো ধৰণৰ আক্রমণ আৰু সংকটৰ সন্মুখীন হোৱা সত্ত্বেও ভাৰতৰ সমাজে ঐক্যৰ সূত্র পাহৰি যোৱা নাছিল৷ যদি ভাৰতৰ স্বাধীনতা সংগ্রাম বুজিবলৈ চেষ্টা কৰা যায়, তেতিয়া লক্ষ্য কৰিব পাৰি যে এহ সংগ্রামৰ পদচিহ্ণ চহৰ, গাঁও, অৰণ্য, পর্বত আৰু উপকূলীয় অঞ্চল আদি সকলো ঠাইতে পোৱা যায়৷ সন্তলৰ বিদ্রোহ হওক বা দক্ষিণৰ নায়কসকলৰ সশস্ত্র সংগ্রাম হওক, সকলো সংগ্রামত একেই অনুভৱ কৰিব পৰা যায়৷ সকলো মানুহে যিকোনো মূল্যৰ বিনিময়ত স্বাধীনতা বিচাৰিছিল আৰু তেওঁলোকে কেৱল নিজৰ বাবেই নহয়, তেওঁলোকৰ সমাজ আৰু সমগ্র ৰাষ্ট্রৰ বাবে এই স্বাধীনতা বিচাৰিছিল৷
স্বাধীনতাৰ বাবে ভাৰতীয় সমাজ ইমানেই উদগ্রীৱ আছিল যে তেওঁলোকে ইয়াৰ বাবে সকলো ধৰণৰ ত্যাগ আৰু সকলো ধৰণৰ পথ অনুসৰণ কৰিবলৈ ইচ্ছুক আছিল৷ এহ কাৰণেহ ভাৰতৰ স্বাধীনতাৰ বাবে লণ্ডন, আমেৰিকা যুক্তৰাষ্ট্র, জাপানৰ পৰা প্রচেষ্টা কৰা হৈছিল৷ লণ্ডনৰ ইণ্ডিয়া হাউছ ভাৰতীয় স্বাধীনতাৰ এটা মুখ্য কেন্দ্র হৈ পৰিছিল৷
ভাৰতৰ স্বাধীনতা আন্দোলন ইমানেই বিস্তৃত আছিল যে ই সকলো ভৌগোলিক, অর্থনৈতিক আৰু সামাজিক বিভাজনৰ বাহিৰত গৈ ভাৰতৰ জনসাধাৰণক একত্রিত কৰিছিল৷ হয়াৰ বাবে যিকোনো এজনৰ নাম লোৱাটো অর্থহীন হ’ব, কিয়নো বহু লোকে ভাৰতৰ স্বাধীনতা আন্দোলনত নিজৰ জীৱন উৎসর্গ কৰিছিল৷ আমি তেওঁলোকৰ কিছুমানৰ নাম জানো আৰু কিছুমানৰ নাম আমি নাজানো৷ এয়া এনে এটা আন্দোলন আছিল, য’ত অসংখ্য নায়ক আছিল৷ কিন্তু প্রতিজন নায়কৰ উদ্দেশ্য একেই আছিল৷
এই বাবেই স্বাধীনতাৰ পাছত দেশক চূডান্ত গৌৰৱৰ দিশে লৈ যোৱাৰ অনুভূতি দেশৰ জনসাধাৰণৰ মনত আছিল আৰু হয়াৰ বাবে ই ৰাজনৈতিক নেতৃত্বৰ ওপৰত নির্ভৰশীল নাছিল৷ এই বাবেই যেতিয়া দেশৰ গণতান্ত্রিক ব্যৱস্থাক আক্রমণ কৰাৰ প্রয়াস জৰুৰীকালীন ৰূপত কৰা হৈছিল, দেশৰ মানুহে ইয়াৰ বাবে আৰু নিজৰ বাবে সংগ্রাম কৰিছিল৷
আজি যেতিয়া আমি স্বাধীনতাৰ ৭৫ বছৰ সম্পূর্ণ কৰি আছোঁ, আমি স্বাধীনতাৰ শতবার্ষিকী বর্ষলৈ আমাৰ লক্ষ্য কি হ’ব, সেহ বিষয়েও চিন্তা কৰিব লাগিব৷ আজি যেতিয়া সমগ্র বিশ্ব ক’ৰোনা আৰু বিশ্বব্যাপী অস্থিৰতাৰ মাজেৰে পাৰ হৈ আছে, তেতিয়া এখন ৰাষ্ট্র হিচাপে আমাৰ লক্ষ্য কি হ’ব লাগে? হয়াত কোনো সন্দেহ নাই যে যোৱা দশকটো ভাৰতৰ বাবে বহুতো সাফল্যৰে ভৰি আছে৷ স্বাস্থ্য, আৱাস আৰু বিত্তীয় অন্তর্ভুক্তিকে ধৰি ভাৰতৰ নাগৰিকসকলক সুবিধা প্রদান কৰাৰ বিষয় হওক বা যিয়েই হওক, এহ সকলো প্রতিফলিত কৰে যে ভাৰতৰ সমাজ আৰু নাগৰিকসকল শক্তিশালী হৈ উঠিছে৷ এহটো ভাৰতৰ বুদ্ধিমত্তা শক্তি, যিয়ে ক’ৰোনাৰ সময়ত আটাহতকৈ কম সময়ত আটাহতকৈ কম দামী আৰু সুৰক্ষিত ভেকচিন নির্মাণ কৰিছিল৷ যিয়ে গোটেই পৃথিৱীক সহায় কৰিছিল আৰু লাখ লাখ লোকৰ জীৱন ৰক্ষা কৰিছিল৷
এই সকলো বস্তুৰ সত্ত্বেও ভাৰতীয় সমাজ আৰু এখন ৰাষ্ট্র হিচাপে আমি বহুতো আভ্যন্তৰীণ আৰু বাহ্যিক সংকটৰ সন্মুখীন হোৱাই নহয়, সেইবোৰৰ সমাধানো বিচাৰিব লাগিব৷ ভাৰতে এতিয়াও সম্প্রীতিৰ বাবে অধিক প্রচেষ্টা কৰিব লাগিব কিয়নো সমাজখন যিমানেহ সু–সংগত হ’ব, সিমানেহ শক্তিশালী হ’ব৷ সেয়েহে ইয়াৰ ওপৰত অধিক কাম কৰা প্রয়োজন৷ আজি সকলো সংকটৰ পাছতো ভাৰতীয় অর্থনীতি আগবাঢ়িছে, কিন্তু ভাৰতৰ বর্ধিত জনসংখ্যাৰ আশা–আকাংক্ষা পূৰণ কৰিবলৈ ই দ্রুতগতিত আগবাঢ়িব লাগিব৷ ইয়াৰ বাবে আমি ভাৰতীয় উদ্যোগ আৰু উদ্যোগসমূহক প্রচাৰ কৰাটো প্রয়োজন৷ ইয়াৰ অবিহনে আমি ভাৰতৰ নিযুক্তিৰ প্রত্যাশা পূৰণ কৰিব নোৱাৰিম৷ ভাৰত স্বাৱলম্বী হ’লেহে ভাৰত সঁচাকৈয়ে শক্তিশালী হ’ব৷
যিহেতু ভাৰতে আজি স্বাধীনতাৰ ৭৫ বছৰ সম্পূর্ণ কৰিছে, ভাৰতৰ নীতিসমূহ বর্তমানৰ ভাৰতৰ আশা–আকাংক্ষা আৰু প্রত্যাশাৰ সৈতে খাপ খায় নে নাই, সেয়া আমি বিবেচনা কৰাটো অতি প্রয়োজনীয়৷ আজি আমি এনে বহুতো প্রণালী দেখিছোঁ, য’ত এজন সাধাৰণ মানুহে নিজকে অস্বস্তিকৰ আৰু অক্ষম বুলি অনুভৱ কৰে, সেয়া আজিৰ ন্যায়িক ব্যৱস্থা হওক বা ৰাজনৈতিক ব্যৱস্থাই হওক৷ এজন সাধাৰণ মানুহৰ লগত এইবোৰ কেনেকৈ সহজ আৰু অভিগম্যতাত উপনীত হৈছিল সেয়া বিবেচনা কৰা প্রয়োজন৷
ভাৰতে কেৱল তেতিয়াহে গোলকীয় প্রত্যাহ্বানৰ মোকাবিলা কৰিব পাৰে, যেতিয়া ইয়াৰ আভ্যন্তৰীণ ব্যৱস্থা শক্তিশালী হয় আৰু আভ্যন্তৰীণ ব্যৱস্থা কেৱল অর্থনৈতিক বা কেৱল সামাজিক সবলীকৰণৰ ওপৰত নির্ভৰশীল নহয়৷ ভাৰতৰ আভ্যন্তৰীণ ব্যৱস্থাৰ সমাধান অর্থনৈতিক আৰু সামাজিক দুয়োটা প্রত্যাহ্বানৰ মোকাবিলা কৰাত নিহিত আছে৷

You might also like