নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতবর্ষ এটুকুৰা ভূমি নহয়, ভাৰত জননী, এক শক্তি, এগৰাকী দেৱীঃ দিগন্ত বিশ্ব শর্মা : গোলাঘাটত হিন্দু জাগৰণ মঞ্চৰ অখণ্ড ভাৰত সংকল্প দিৱস

নিয়মীয়া বার্তা, ১৭ আগষ্টঃ ভাৰতবর্ষ এটুকুৰা ভূমি নহয়, ভাৰত জননী– এক শক্তি, এগৰাকী দেৱী৷ কিয়নো সকলো জাতিৰে একোগৰাকী এনে দেৱী আছে৷ তেওঁলোকেহে জাতি–ধর্মৰ অস্তিত্ব পৃথকে পৃথকে ধাৰণ কৰি ৰাখে আৰু সেহ অস্তিত্ব জীয়াই ৰাখে৷ ভাৰত ভগৱতী জননী– হিন্দু জাগৰণ মঞ্চৰ গোলাঘাট জিলা সমিতিৰ উদ্যোগত কালি নগৰৰ চুকাফা ক্ষেত্রত অনুষ্ঠিত অখণ্ড ভাৰত সংকল্প দিৱস আৰু স্বাধীনতাৰ অমৃত মহোৎসৱৰ মুকলি সভাৰ বক্তাৰ আসন অলংকৃত কৰি এনেদৰে মহাযোগী শ্রীৰবিন্দৰ দৃষ্টান্তৰে এনেদৰে মন্তব্য কৰে সাহিত্য অকাডেমিৰ অনুবাদ বঁটাপ্রাপক দিগন্ত বিশ্ব শর্মাই৷ তেওঁ লগতে কয় যে ১৫ আগষ্টত দেশৰ স্বাধীনতা দিৱসৰ লগতে শ্রীৰবিন্দৰ ১৫০ বছৰীয়া জন্মজয়ন্তী৷ অখণ্ড ভাৰত সংকল্প লৈ দেশৰ বিভাজন দূৰ কৰাৰ ক্ষেত্রত জননীক সেৱা কৰাৰ সংকল্প ল’ব লাগিব৷ ৰাজনীতিৰ বাবেই আমাৰ দেশ বিভাজিত হ’ল বুলি ডল্লেখ কৰি মহান লোকৰ উদ্ধৃতি দি কয় যে পণ্ডিত নেহৰুৰ অদূৰদৰ্শিতা আৰু ৰাজনৈতিক মুনাফাৰ বাবেহ ভাৰতবর্ষ খণ্ড–বিখণ্ডিত হ’ল৷ শ্রীমন্ত শংকৰদেৱ, শ্রীমন্ত মাধৱদেৱ, স্বামী বিবেকানন্দ, গীতা, ঋকবেদ আদি ধর্মীয় আধ্যাত্মিক গ্রন্থসমূহত অখণ্ড ভাৰতৰ ব্যাখ্যা কৰি মননশীল ভাষণেৰে সকলোকে মন্ত্রমুগ্ধ কৰি তোলে৷ হিন্দু জাগৰণ মঞ্চৰ গোলাঘাট জিলা সমিতিৰ সভাপতি অচ্যুত কুমাৰ নাথৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই সভাত দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ অৱসৰপ্রাপ্ত অধ্যাপক দীনেশ গগৈয়ে অখণ্ড ভাৰতৰ বিষয়ে সুন্দৰকৈ উপস্থাপন কৰে৷

You might also like