নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্ৰীৰামপুৰত উত্তপ্ত পৰিস্থিতি… কৰ্তব্যৰত সাংবাদিকক গুলীয়াই মৰাৰ ভাবুকি কমাণ্ডোৰ

নিশা শ্ৰীৰামপুৰ আৰক্ষী চকীত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ঘটনা অনুসৰি কৰ্তব্যৰত সাংবাদিকক গুলীয়াই মৰাৰ ভাবুকি দিয়ে সুৰাসক্ত কামাণ্ডো জোৱানে। উল্লেখ যে নিশা শ্ৰীৰামপুৰ চেকগেটত শিমুলটাপু আৰক্ষী আৰু গোসাঁইগাঁও বাৰ কাউন্সিলৰ অধিবক্তাৰ মাজত হোৱা কাজিয়া আৰু মাৰপিটৰ ঘটনাৰ বাতৰি পৰিবেশন কৰিব গৈ শিমুলটাপু আৰক্ষী চকীত যোৱানিশা এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয়।

ঘটনা অনুসৰি কৰ্তব্যৰত সাংবাদিকক গুলীয়াই মৰাৰ ভাবুকি দিয়ে এজন সুৰাসক্ত কামাণ্ডো জোৱানে। স্বয়ং গোসাঁইগাঁও মহকুমা আৰক্ষী বিষয়া মন্টুৰাম বৰা আৰু গোঁসাইগাঁও আৰক্ষী থানাৰ বিষয়া জয়ন্ত দাসৰ উপস্থিতিতে এজন কমাণ্ডো জোৱানে সাংবাদিকক গুলীয়াই মৰাৰ ভাবুকি প্ৰদান কৰে। এটি ব্যক্তগত ছেটেলাইট চেনেলৰ গোঁসাইগাঁৱৰ সাংবাদিকক কৰ্তব্যৰত অৱস্থাত আৰক্ষীয়ে লক্ষ্য কৰি লয়।

ইপিনে তাৎপর্যপূর্ণ কথা যে আৰক্ষীৰ উচ্চপদস্থ বিষয়াৰ সন্মূখতে এজন সুৰাসক্ত কমাণ্ডোৰ জোৱানে সাংবাদিকগৰাকীক গুলীয়াবলৈ উদ্যত হোৱা কাৰ্যই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই ঘটনাক কেন্দ্ৰ কৰি নিশা আৰক্ষী চকীৰ চৌহদত তীব্র উত্তেজনাই বিৰাজ কৰে।

গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভস্বৰূপ সাংবাদিকৰ ওপৰত আৰক্ষীৰ এনে আচৰণক লৈ ঘটনাস্থলীত উপস্থিত সাংবাদিকসকলে কমাণ্ডো জোৱানজনক ঘেৰি ধৰি জবাবদিহি কৰাৰ লগতে শীঘ্রে জোৱানজনৰ বিৰুদ্ধে বিহিত ব্যবস্থা গ্রহণৰ দাবী জনায়।

ডিজিটেল ডেস্ক, ৯ ফেব্ৰুৱাৰী

You might also like