নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পবিতৰাৰ সীমা নিৰ্ধাৰণক লৈ ন্যায়ালয়ৰ ৰোষত ৰাজ্য চৰকাৰ

বিশেষ বাৰ্তা, ২৬ ফেব্ৰুৱাৰীঃ ২৫ বছৰ পিছতো পবিতৰা অভয়াৰণ্যৰ সীমা নিৰ্ধাৰিত হোৱা নাই। বাৰম্বাৰ জাননী জাৰি কৰাৰ পিছতো অসম চৰকাৰে দিয়া নাই কোনো উত্তৰ কিম্বা শপতনামা। ইয়াৰ বাবে আজি উচ্চতম ন্যায়ালয়ৰ ৰোষত পৰিছে অসম চৰকাৰ। ন্যায়াধীশ বি আৰ গাবাই আৰু ন্যায়াধীশ সন্দীপ নাথেৰে গঠিত খণ্ড বিচাৰপীঠে সমগ্ৰ বিষয়টোক লৈ আজি অসম চৰকাৰক সকীয়নি প্ৰদান কৰি চাৰি সপ্তাহৰ ভিতৰত পবিতৰা বণ্যপ্ৰাণী অভয়াৰণ্যৰ সীমা নিৰ্ধাৰণ সংক্ৰান্ত বিষয়ত শপতনামা দাখিল কৰিবলৈ শেষ সুযোগ প্ৰদান কৰে। নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত শপতনামা দাখিল কৰিবলৈ ব্যৰ্থ হলে কঠোৰ পৰিণাম ভুগিব লাগিব বুলিও বিচাৰপীঠে অসম চৰকাৰক সকীয়াই দিয়ে। উল্লেখ্য যে ১৯৯৮ চনৰ ১৭ মাৰ্চত পবিতৰাক বণ্যপ্ৰাণী অভয়াৰণ্যৰ মৰ্যাদা প্ৰদান কৰা হৈছিল। ন্যায়াধীশ গাবাইৰ বক্তব্য- ‘জাননী জাৰি কৰাৰ পিছত ২৫ বছৰ পাৰ হৈ গল, কিন্তু অভয়াৰণ্যখনৰ সীমা এতিয়াও নিৰ্ধাৰিত নহল। আমি আশা কৰিছো ৰাজ্য চৰকাৰে বিষয়টোৰ গুৰুত্ব অনুভৱ কৰি জৰুৰীকালীন ভাবে বিহীত ব্যৱস্থা গ্ৰহণ কৰিব। লগতে আমি এই বুলিও জাননী জাৰি কৰিছো যে নিৰ্ধাৰিত সময়ৰ ভিতৰত ব্যৱস্থা গ্ৰহণ নকৰিলে ইয়াৰ কঠোৰ পৰিণাম ভুগিব লাগিব।’ ন্যায়ালয়ৰ এই কঠোৰ নিৰ্দেশনাৰ পিছত ৰাজ্য চৰকাৰক প্ৰতিনিধিত্ব কৰা অধিবক্তা নলীন কোহলিয়ে দুই সপ্তাহৰ ভিতৰত পবিতৰা অভয়াৰণ্যৰ সীমা নিৰ্ধাৰণ কৰিবলৈ কিমান সময় লাগিব সেই সন্দৰ্ভত ৰাজ্য চৰকাৰৰ তৰফত বিবৃতি প্ৰদান কৰা হব বুলি ন্যায়ালয়ক আশ্বস্ত কৰে। উল্লেখ্য যে বিশিষ্ট পৰিবেশবীদ ৰোহিত চৌধুৰীয়ে দাখিল কৰা লেখ আবেদনৰ শুনানী গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে ইয়াৰ পূৰ্বেও অসম চৰকাৰক চাৰি সপ্তাহৰ ভিতৰত শপতনামা দাখিলৰ নিৰ্দেশ প্ৰদান কৰিছিল। চৌধুৰীৰ অভিযোগ- ২৫ বছৰ পাছতো পবিতৰা এলেকাত থকা খাচ মাটি জিলা প্ৰশাসনে এতিয়াও ৰাজ্যৰ বন বিভাগক হস্তান্তৰ কৰা নাই। স্বভাবতই পবিতৰা অভয়াৰণ্যৰ সীমা নিৰ্ধাৰণ কৰিব পৰা নাই ৰাজ্যৰ বন বিভাগে। সমগ্ৰ বিষয়টো ২০১৮ চনৰ ১১ ডিচেম্বৰত উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা সংশ্লিষ্ট নিৰ্দেশনাৰ উলংঘন কৰা বুলি চৌধুৰীয়ে নিজৰ শপতনামাত উল্লেখ কৰিছে।

প্ৰেৰক কল্লোল ভৌমিক

You might also like