নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোলাঘাট জিলা কংগ্ৰেছৰ নতুন সভাপতি গোলাপ শইকীয়া

নিয়মীয়া বাৰ্তা, ২৬ ফেব্ৰুৱাৰী : গোলাঘাট জিলা কংগ্ৰেছৰ নৱনিযুক্ত সভাপতি গোলাপ শইকীয়াক আদৰণি জনোৱাৰ উদ্দেশ্যে আজি বোকাখাতৰ পৰা কংগ্ৰেছৰ এক বাইক ৰেলী বাহিৰ কৰা হয়। উক্ত বাইক ৰেলীত অংশগ্ৰহণ কৰে কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে। উল্লেখ যে কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰীক সম্ভাষণ জনাই হাইকামাণ্ডৰ ৰোষত পৰিছিল গোলাঘাট জিলা কংগ্ৰেছৰ সভাপতি দাদু টায়ে। পৰৱৰ্তীকালত দাদু টায়েক দলৰ পৰা বহিষ্কাৰ কৰা হৈছিল ইফালে, বহিস্কৃত গোলাঘাট জিলা কংগ্ৰেছৰ সভাপতি দাদু টায়েৰ ঠাইত সোমবাৰে সভাপতি ৰূপে পূৰ্ণ মৰ্যদা প্ৰদান কৰিব নৱনিযুক্ত সভাপতি গোলাপ শইকীয়াক। শইকীয়াক আজি বোকাখাতৰ পৰা গোলাঘাটলৈ আদৰি নিলে তিনি শতাধিক কংগ্ৰেছীয়ে। ইয়ং বিগ্ৰেড, অসম প্ৰদেশ কংগ্ৰেছ সেৱা দলৰ ৰাজ্যিক কাৰ্যকৰী সভাপতি জিতু শইকীয়াৰ নেতৃত্বত এক বিশাল বাইক ৰেলীৰে নৱনিযুক্ত সভাপতিগৰাকীক আদৰি নিয়া হয় বোকাখাতৰ পৰা। এই বাইক ৰেলীত ভাগ লয় প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ, নৱনিযুক্ত জিলা সভাপতি গোলাপ শইকীয়াকে ধৰি ভালেকেইগৰাকী ৰাজ্যিক নেতৃত্বই ।
প্ৰেৰক সুদীপ্ত তামুলী
You might also like