নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টেষ্ট কেৰিয়াৰৰ দ্বিতীয় মেচতে ধ্ৰুৱ জুৰেললৈ শ্রেষ্ঠ খেলুৱৈৰ সন্মান

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৬ ফেব্ৰুৱাৰীঃ এক বিৰল সন্মানৰ সাক্ষী হল ধ্ৰুৱ জুৰেল। কেৰিয়াৰৰ দ্বিতীয় টেষ্টতে মেচৰ শ্রেষ্ঠ খেলুৱৈৰ সন্মান আঁজুৰিলে ধ্রুৱ জুৰেলে৷ আজি সমাপ্ত হোৱা চতুৰ্থ টেষ্টৰ দুয়োটা ইনিংছত গুৰুত্বপূর্ণ সময়ত ৰান কৰাৰ লগতে গ্ল’ভছ হাতত লৈ ৫টা উইকেট চিকাৰ কৰে তেওঁ৷ কেৱল সেয়াই নহয়, যি পীটছত বেটিং কৰিবলৈ লৈ বিশ্বৰ কেবাজনো শ্রেষ্ঠ বেটাৰে বিপর্যয়ৰ সন্মুখীন হৈছিল, ৰাঁচীৰ সেই উইকেটত সাবলীল বেটিং কৰে জুৰেলে৷ প্রথম ইনিংছত তেওঁৰ বেটৰ পৰা ৯০ ৰানে অন্য বেটাৰৰ সৈতে ব্যৱধান সৃষ্টি কৰিছিল৷ দ্বিতীয় ইনিংছতো দলক বিজয় কৰায় তেওঁ খেলপথাৰ এৰিছিল৷ এটা সময়ত ১২০ ৰানত ৫টা উইকেট হেৰুৱাইছিল ভাৰতে৷ তেতিয়াও জয়লাভৰ বাবে প্রয়োজন আছিল ৭২ ৰানৰ৷ উইকেটৰ অন্য প্রান্তত শুভমন গিল৷ ভাৰতৰ অন্তিম বেটিং যুটী৷ এনে অৱস্থাত পুনৰ এটি মেচ বিজয়ী ইনিংছ খেলে ধ্রুবই৷ মাত্র দ্বিতীয়খন টেষ্টত এনে এক সাহসী ইনিংছ কৰি কিদৰে দলৰ পৰিত্রাণকর্তা হিচাপে থিয় দিছিল সেই সম্পর্কে জুৰেলে কয়– মই শেষলৈ খেলিম বুলি স্থিৰ কৰিছিলো৷ আমি ১০ ৰানৰ লক্ষ্য নির্ধাৰণ কৰি খেলি গৈছিলো৷ তদুপৰি পৰিস্থিতি অনুসৰি খেলিবলৈ লৈছিলো৷ প্রথম ইনিংছত আমাক নূনতম ৰানৰ প্রয়োজন আছিল৷ প্রথম ইনিংছত যিমান ৰান কৰিব পাৰো, সিমানেই ভাল হয়৷ কাৰণ সেয়া হ’লে দ্বিতীয় ইনিংছত কম ৰান কৰিব লাগিব৷ সেই কথা মনত ৰাখিয়েই আগুৱাইছিলো৷ এণ্ডাৰছন, উডহঁতৰ খেল মই টিভিত দেখিছো৷ তেওঁলোকৰ বিৰুদ্ধে খেলিবলৈ পাই ভাল লাগিছে৷ মই কেৱল বল অনুযায়ী খেলাৰ চেষ্টা কৰিছিলো৷ বেছিকৈ একো কথা ভবা নাছিলো৷ কাকতালীয়ভাৱে ধোনীৰ চহৰ ৰাঁচীতেই উত্থান হ’ল ভৱিষ্যতৰ ধোনীৰ৷

You might also like