কাপলাবড়ী পাচলিৰ বজাৰত হঠাৎ আৰম্ভ গোধনৰ বজাৰ, তুমুল প্ৰতিক্ৰিয়া
নলবাৰী জিলাৰ মুকালমুৱাৰ নিকটৱৰ্তী কাপলাবড়ী তিনিদিনীয়া বজাৰত হঠাৎ গোধন বজাৰ পতাক লৈ সমগ্ৰ জিলাখনতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। উল্লেখ্য যে বিগত কেবা বছৰ ধৰি সপ্তাহৰ প্ৰতি ৰবিবাৰ আৰু বৃহস্পতিবাৰে অঞ্চলটোৰ ৰাইজৰ সুবিধাৰ্থে কাপলাবড়ী বজাৰখন চলি আহিছিল।
যোৱা বৃহস্পতিবাৰে চৰকাৰৰ পৰা কোনো ধৰণৰ আগতীয়া অনুমতি অবিহনে বজাৰৰ লেচীয়ে শাক-পাচলিৰ পাইকাৰী বজাৰখন হঠাৎ নিৰ্দিষ্ট ঠাইৰ পৰা উঠাই দি তাৰ ঠাইত গৰু বজাৰ আৰম্ভ কৰে।
আগন্তুক ঈদ উপলক্ষে কাপলাবড়ী শাক-পাচলিৰ বজাৰত হঠাৎ আৰম্ভ কৰা গোধনৰ বজাৰখনক লৈ এক ৰহস্যৰ সৃষ্টি হৈছে।
যিটো সময়ত মুখ্যমন্ত্ৰী গৰাকীয়ে ঈদত গৰু কোৰবানী দিয়াৰ পৰিৱৰ্তে আন জীৱ জন্তু কোৰবানী দিয়াৰ বাবে বাৰম্বাৰ আহ্বান জনাই আহিছে তেনে সময়তে কাপলাবড়ী তিনিদিনীয়া বজাৰত হঠাৎ আৰম্ভ কৰা গোধনৰ বজাৰত শ শ তেজাল দমৰা গৰু বিক্ৰী হোৱা ঘটনাই ৰাইজৰ মাজত চৰ্চাৰ বিষয় হৈ পৰিছে।
নিয়মীয়া বাৰ্তা, মুকালমুৱা, ২৩ মে’