নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ISISৰ তথ্যৰ সন্ধানত আমিনগাঁও মৰিয়াপট্টি জামে মছজিদত STF

🔹 মছজিদটোৰে আইআইটি গুৱাহাটীৰ ছাত্ৰ তৌছিফ আলীৰ যোগসূত্ৰ 

বিশেষ বাৰ্তা, ৬ এপ্ৰিল : আজি আমিনগাঁও মৰিয়াপট্টিত ISISৰ তথ্য বিচাৰি STFৰ এটা দলে অভিযান চলায়। মৰিয়াপট্টিত থকা জামে মছজিদত ISISৰ যোগসূত্ৰৰ সন্ধানত অভিযান চলায় STFৰ দলটোৱে । আই আই টি গুৱাহাটীৰ চতুৰ্থ বৰ্ষৰ ছাত্ৰ তৌছিফ আলী ফাৰুকীয়ে দৈনিক মছজিদটোলৈ অহা সূত্ৰে আছিল এই মছজিদৰ লগত সম্পৰ্ক । উল্লেখ্য যে এই ছাত্ৰজনক আইছিছৰে সম্পৰ্ক ৰক্ষা কৰি চলা বাবে কিছুদিন পূৰ্বে গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। মছজিদৰ ভিতৰত প্ৰৱেশ কৰিছে STFৰ এটা বৃহৎ দল । এই মছজিদৰ পৰাই ISISৰ প্ৰতি অনুপ্ৰাণিত হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে । আমিনগাঁও মৰিয়াপট্টিৰ জামে মছজিদলৈ দৈনিক নামাজ পঢ়িবলৈ আহে আই আই টি গুৱাহাটীৰ অধিকাংশ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰী। STF বাহিনীটোৱে মছজিদৰ ইমাম হাজো মুকালমুৱাৰ গুলজাৰ হুছেইনক  দীৰ্ঘ সময় ধৰি জেৰা চলাই আছে।

প্ৰেৰক মুনীন ডেকা 

You might also like