নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দলবদ্ধ ধর্ষণৰ বলি ছাত্রীক ব’ৰ্ড পৰীক্ষাত বহিবলৈ নিদিলে স্কুল কর্তৃপক্ষই

🔹 ৰাজস্থানৰ আজমেড়ৰ ঘটনাক লৈ দেশজুৰি চাঞ্চল্য

বিশেষ বাৰ্তা, ৬ এপ্রিল : বিদ্যালয়ত পঢ়া–শুনাৰ পৰিৱেশ নষ্ট হৈ যাব৷ সেইবাবে দলবদ্ধ ধর্ষণৰ বলি ছাত্রীক ব’ৰ্ড পৰীক্ষাত বহাৰ অনুমতি নিদিলে বিদ্যালয় কর্তৃপক্ষই৷ চাঞ্চল্যকৰ এই ঘটনাটো ঘটিছে ৰাজস্থানৰ আজমেড়ত৷ ইতিমধ্যে বিদ্যালয় কর্তৃপক্ষৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে আজমেড়ৰ শিশু কল্যাণ আয়োগে৷ এই ঘটনাৰ তদন্তও আৰম্ভ হৈছে৷ সংবাদ মাধ্যমে প্রকাশ কৰা অনুসৰি, যোৱা অক্টোবৰ মাহত নিজৰ খুৰাক আৰু ২ দুর্বৃত্তৰ দলবদ্ধ ধর্ষণৰ বলি হৈছিল দ্বাদশ শ্রেণীৰ ছাত্রী এগৰাকী৷ সেই কথা ৰাজহুৱা হোৱাৰ পাছতে ছাত্রীগৰাকীক বিদ্যালয়লৈ অহাৰ ক্ষেত্রত বাধা প্রদান কৰে কর্তৃপক্ষই৷ ছাত্রীগৰাকীক ঘৰত বহিয়েই দ্বাদশ শ্রেণীৰ ব’ৰ্ড পৰীক্ষাৰ বাবে প্রস্তুতি চলাবলৈ পৰামর্শ দিয়া হয় বিদ্যালয়ৰ তৰফৰ পৰা৷ বেচৰকাৰী বিদ্যালয়খনৰ কর্তৃপক্ষই দাবী কৰা অনুসৰি, অন্য শিক্ষার্থীসকলৰ পিতৃ–মাতৃয়ে নির্যাতিত ছাত্রীগৰাকীয়ে স্কুলত একেলগে অধ্যয়ন কৰাটো বিচৰা নাছিল৷ গতিকে ঘৰতে ছাত্রীগৰাকীক পৰীক্ষাৰ বাবে প্রস্তুতি চলাবলৈ নির্দেশ দিছিল বিদ্যালয় কর্তৃপক্ষই৷ কিন্তু শেষত পৰীক্ষাত বহিবলৈও অনুমতি দিয়া নহ’ল ছাত্রীগৰাকীক৷

You might also like