নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাৰিৰ তিনিখন বাগিচাত কৰ্মচাৰীৰ ন ঘন্টীয়া অনশন

নিয়মীয়া বাৰ্তা, ২৮ মাৰ্চ : চৰাইদেউ জিলাৰ সোণাৰিৰ এপিজে টি কোম্পানীৰ তিনিখন বাগিচা ক্ৰমে নাফুক , জৱকা আৰু মথুৰাপুৰ বাগিচাৰ চাহ কৰ্মচাৰী সংঘৰ উদ্যোগত আজি ৯ ঘন্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰা হয় । বাগিচা কেইখনৰ কৰ্মচাৰীসকলৰ পাৰিতোষিক অনাদায়ৰ বিৰুদ্ধে এই অনশন ধৰ্মঘট আজি পুৱা ছয় বজাৰ পৰা তিনিওখন বাগিচাৰ কাৰ্যালয়ৰ প্ৰাংগণত নিজ নিজ বাগিচাৰ কৰ্মচাৰীসকলে কৰ্মবিৰতি পালন কৰি এই কাৰ্য্যসূচী ৰূপায়ণ কৰে ।এপিজে টি কোম্পানীয়ে বিগত দুটা মাহৰ পাৰিতোষিকৰ লগতে ভ্ৰমণ বনাচৰ পৰা বঞ্চিত কৰি ৰখা চাহ বাগিচাৰ কৰ্মচাৰী সকলৰ এই প্ৰতিবাদী কাৰ্য্যসূচী বিয়লি তিনি বজাত সমাপ্তি ঘটে । ইপিনে আজি পুৱা উক্ত তিনিওখন বাগিচাৰ শ্ৰমিকসকলেও নিজৰ প্রাপ্যৰ দাবীত নিজ নিজ বাগিচাৰ কাৰ্য্যালয়ত এঘন্টীয়া ধৰ্ণা কাৰ্য্যসূচী পালন কৰে ।

প্ৰেৰক দীপাংকৰ পাল

You might also like