নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

”জয়মতীক সতীতকৈ বীৰাংগনা বোলা উচিতঃ সমগ্ৰ বিশ্বৰ নাৰী নিৰ্য্যাতনৰ ক্ষেত্ৰত জয়মতীৰ শাস্তিৰ ওপৰত কোনো শাস্তি নাই”

বিশেষ বাৰ্তা, ২৮ মাৰ্চঃ “জয়মতী কুঁ‌ৱৰীক আমি সতী বুলি কওঁ । কিন্তু জয়মতীক সতী বোলাতকৈ তেওঁক বীৰাংগা মহীয়সী নাৰী বুলি কোৱাটো বেছি উচিত হ’ব । কাৰণ তেওঁৰ স্বামী ভক্তিতকৈ দেশভক্তি আছিল প্ৰবল ।”- মৰিয়নিৰ সমীপৰ নকছাৰী বাগিচাচুক মিলনজ্যোতি মহিলা সমিতিৰ উদ্যোগত আৰু অঞ্চলটোৰ ৰাইজৰ সহযোগত জয়া স্মৃতি দিৱস উপলক্ষ্যে অনুষ্ঠিত হোৱা মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰি এইদৰে কয় যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা তথা লেখিকা ড° জ্যোতিৰেখা হাজৰিকাই । নিজৰ বক্তব্যত তেওঁ কয়- জয়মতীয়ে নিজৰ স্বামীক আঁ‌তৰাই পঠাইছিল একমাত্ৰ দেশ ৰক্ষাৰ বাবে । তেওঁ জানিছিল যে দেশ তেতিয়াহে থাকিব যেতিয়া যোগ্য ব্যক্তি অক্ষত ৰূপত জীয়াই থাকিব । আৰু দেশ ৰক্ষাৰ বাবে তেওঁৰ স্বামীক উপযুক্ত বুলি বিবেচনা কৰিছিল জয়মতীয়ে । ল’ৰা ৰজাৰ অপশাসনৰ পৰা দেশ উদ্ধাৰ কৰিবৰ বাবে নিজৰ স্বামীক আঁ‌তৰাই পঠাই নিজে নানান শাস্তি মুৰ পাতি লৈছিল । দেশৰ বাবে, স্বজাতিৰ বাবে, মানুহৰ বাবে জয়মতীয়ে তিলতিলকৈ মৃত্যুবৰণ কৰিছিল । তেওঁ লগতে কয় – পৃথিৱীত এনে কোনো অধ্যায় নাই য’ত এগৰাকী নাৰীক নিজৰ স্বামীৰ বতৰা নাপাই ধৰি আনি মুকলিকৈ শাস্তি দি হত্যা কৰা হৈছিল । সমগ্ৰ বিশ্বৰ নাৰী নিৰ্য্যাতনৰ ক্ষেত্ৰত জয়মতীক দিয়া শাস্তিৰ ওপৰত আৰু কোনো শাস্তি নাই বুলিও তেওঁ লগতে উল্লেখ কৰে । জয়মতীৰ প্ৰসংগ উত্থাপন কৰি বিশিষ্টা লেখিকা গৰাকীয়ে কয়- এগৰাকী নাৰীয়েও ৰাজসিংহাসন কঁ‌পাব পাৰে । জয়মতীয়ে দেখুওৱা বাটেৰে নিজ সন্তানক গঢ়ি তুলিবলৈও তেওঁ সকলোৰে প্ৰতি আহ্বান জনায় । প্ৰসংগক্ৰমে তেওঁ কয়- কেৱল জয়মতীৰ স্মৃতি দিৱস উদযাপন কৰিলেই নহ’ব – নিজৰ কন্যা সন্তানসমূহকো জয়মতীৰ দৰে ত্যাগী, স্বদেশপ্ৰেমী বীৰাংগণা হিচাপে গঢ়ি তুলিবলৈ সকলোৱে যত্ন কৰিব লাগিব । আনহাতে, জয়মতী সম্পৰ্কীয় যিসমূহ লোককথা, লোকগীত সিঁচৰিত হৈ আছে সেইসমূহ নতুন প্ৰজন্মক শিকাবলৈ তেওঁ লগতে আহ্বান জনায় । অসম চৰকাৰৰ সমবায় বিভাগৰ অৱসৰপ্ৰাপ্ত উপ-পঞ্জীয়ক কেশৱ লাহনৰ সঞ্চালনাত অনুষ্ঠিত মুকলি সভাখনি উদ্বোধন কৰি অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ অৱসৰপ্ৰাপ্ত গাণনিক বিষয়া মহম্মদ ছাদিমুল্লা আহমেদে জয়মতীৰ প্ৰসংগ উত্থাপনেৰে সাৱলীল বক্তব্য প্ৰদান কৰে । সমাজকৰ্মী কমল গগৈয়েও সভাত বক্তব্য প্ৰদান কৰে । উদযাপন সমিতিৰ কাৰ্য্যকৰী সভাপতি ভূপেন ফুকনে আদৰণি ভাষন প্ৰদান কৰা সভাখনত চয়নিকা বড়ো আৰু এঞ্জেলা ফুকনৰ আধুনিক নৃত্য, কণমানি অনুৰাগ লাহনৰ কবিতা আবৃত্তি, কণ কণ মইনাৰ সমবেত সংগীত পৰিবেশন আদি অনুষ্ঠানে সভাখনৰ সৌষ্ঠৱ বৃদ্ধি কৰাৰ লগতে উপস্থিত ৰাইজক মোহিত কৰে । নকছাৰী বাগিচাচুক নামঘৰৰ সমীপৰ মুকলি পথাৰত অনুষ্ঠিত এই জয়া স্মৃতি দিৱসৰ আজি পুৱা পৰিবেশ নিকাকৰণ আৰু বৃক্ষ ৰোপন কাৰ্য্যসূচী সম্পন্ন হোৱাৰ অন্তত পতাকা উত্তোলন কৰি কাৰ্য্যসূচী মুকলি কৰে কাৰ্য্যকৰী সভাপতি ভূপেন ফুকনে । ইয়াৰ পিছতে ছাত্ৰ ছাত্ৰীৰ মাজত চিত্ৰাংকণ প্ৰতিযোগিতা অনুষ্ঠিত হয় । সভাখনত যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপক গৌৰৱ বৰঠাকুৰ, তিতাবৰ মহকুমা ছাত্ৰ সন্থাৰ সভাপতি অবিনাশ ফুকন, প্ৰধান শিক্ষক প্ৰদীপ গগৈ, ছাত্ৰ নেতা মৌচুম গগৈকে ধৰি কেবাজনো ব্যক্তি উপস্থিত থাকে । সন্ধিয়ালৈ বন্তি প্ৰজ্বলন কৰাৰ লগতে সাংস্কৃতিক অনুষ্ঠানো অনুষ্ঠিত হয় । মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে উদ্বোধন কৰা সাংস্কৃতিক সন্ধিয়াৰ কাৰ্য্যসূচীত প্ৰদৰ্শন কৰা ‘জেৰেঙাৰ সতী’ শীৰ্ষক নাটখনে উপস্থিত সকলোকে মুগ্ধ কৰে । মিলনজ্যোতি মহিলা সমিতিৰ সভানেত্ৰী দীপামনি গগৈ, সম্পাদিকা জোনমনি গগৈ, উদযাপন সমিতিৰ সভাপতি দিলীপ কুমাৰ হাজৰিকা, সম্পাদক পংকজ প্ৰতীম গগৈয়ে সকলোৰে প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছে ।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like