নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মেট্ৰিকত নাম উজলালে মন্দিয়াৰ কপোহা ভেলেঙী জাতীয় বিদ্যালয়ৰ

🔹 কৃতী শিক্ষাৰ্থীক সম্বৰ্ধনা বিদ্যালয় কৰ্তৃপক্ষৰ

নিয়মীয়া বাৰ্তা, ২২ এপ্ৰিল : বৰপেটা জিলাৰ মন্দিয়াৰ পৰীক্ষা কেন্দ্ৰৰ ভিতৰত সৰ্বোচ্চ নম্বৰপ্ৰাপ্তিৰে সাফল্য লাভ কৰে কপোহা ভেলেঙী জাতীয় বিদ্যালয়ে। উল্লেখ্য যে এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিদ্যালয়খনৰ পৰা এজন ডিষ্টিংচন, দুজনে ষ্টাৰ, ষোল্লজনে প্ৰথম বিভাগ আৰু বাৰজনে দ্বিতীয় বিভাগ লাভেৰে বিদ্যালয়খনৰ নাম উজলাবলৈ সক্ষম হোৱাৰ সমান্তৰালকৈ পৰিয়াল তথা অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনে। সেয়ে এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা উক্ত বিদ্যালয়খনৰ কেউগৰাকী ছাত্ৰ-ছাত্ৰীক বিদ্যালয় কৰ্তৃপক্ষৰ ফালৰ পৰা জনোৱা হয় সম্বৰ্ধনা। অনুষ্টুপীয়াকৈ আয়োজিত সম্বৰ্ধনা অনুষ্ঠানটিত উপস্থিত থাকে শিক্ষাগুৰুসকলৰ লগতে অভিভাৱক-অভিভাৱিকা আৰু কৃতী শিক্ষাৰ্থীসকল। কৃতী শিক্ষাৰ্থীসকলে অনাগত সময়ছোৱাত কিদৰে উচ্চ শিক্ষা গ্ৰহণেৰে আগুৱাই যাব, তাৰ ব্যাখ্য়া আগবঢ়াই উপস্থিত ছাত্ৰ-ছাত্ৰীসকলক অনুপ্ৰাণিত কৰে শিক্ষাগুৰুসকলে। আগন্তুক সময়ত বিদ্যালয়খনৰ ফলাফল আৰু অধিক ত্বৰান্বিত কৰিবলৈ যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিব বুলি জানিবলৈ দিয়ে বিদ্যালয়প্ৰধান আব্দুল কাদেৰ আহমেদে।

প্ৰেৰক আব্দুল আজিজ আহমেদ

You might also like