নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগৰবেৰাত দুৰ্নীতি নিবাৰকৰ জালত লাট মণ্ডল-গাঁওপ্ৰধান

নিয়মীয়া বাৰ্তা, ২২ এপ্ৰিল : নগৰবেৰা চক্ৰ বিষয়া কাৰ্যালয়ত দুৰ্নীতি নিবাৰক শাখাই এক অতৰ্কিত অভিযান চলায় ৷ অভিযানত দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰে লাট মণ্ডল অনুপ চৌধুৰী আৰু গাঁওপ্ৰধান হজৰত আলীক ৷ ঘোচ লোৱাৰ সময়তে দুয়োকে অভিযানকাৰী দলটোৱে হাতে-লোটে আটক কৰা বুলি জানিব পৰা গৈছে | আটক হোৱা দুজন নগৰবেৰা চক্ৰ বিষয়া কাৰ্যালয়ৰ অধীনস্থ পালাহৰটাৰী, নাইটৰ আৰু কল্যাণপুৰ গাঁৱৰ গাঁওপ্ৰধান হজৰত আলী আৰু নগৰবেৰা লাটৰ লাট মণ্ডল আৰু নায়টৰ-খামেৰী লাটৰ ভাৰপ্ৰাপ্ত লাট মণ্ডল অনুপ চৌধুৰী | স্মৰ্তব্য যে ইয়াৰ পূৰ্বেও দুবাৰকৈ অনুৰূপ অভিযান চলাই দুৰ্নীতি নিবাৰক শাখাই আটক কৰিছিল দুই লাট মণ্ডলক | সাধাৰণ ৰাইজৰ প্ৰশ্ন- প্ৰকৃততে ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত মাটি-বাৰীৰ কামেই চলে নে ৰাজহ চক্ৰ কাৰ্যালয় দুৰ্নীতিৰ অভিকেন্দ্ৰহে !

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like