নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পঞ্চম শ্রেণীলৈ মাতৃভাষাত অধ্যয়নৰ সুবিধা লাভ কৰিব শিক্ষার্থীয়ে

নিয়মীয়া বাৰ্তা, ১৬ জুলাইঃ প্রাথমিক বিদ্যালয়ত ছাত্র–ছাত্রীসকলক ঘৰুৱা ভাষাত পাঠদানৰ ব্যৱস্থা কৰা হৈছে৷ নতুন শিক্ষাবর্ষৰ পৰা ঘৰত ছাত্র–ছাত্রীসকলে যি ভাষাত কথা পাতে, সেই কথিত ভাষাৰেই প্রথম শ্রেণীৰ পৰা পঞ্চম শ্রেণীলৈ অর্থাৎ নিম্ন প্রাথমিকত শিক্ষাদান কৰা হ’ব৷ ইয়াৰ বাবে চৰকাৰে ভাষা নীতিও গ্রহণ কৰিছে৷ বৃহস্পতিবাৰে সদনত বিধায়ক ৰমাকান্ত দেউৰীৰ এক প্রশ্ণৰ উত্তৰত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে এই কথা প্রকাশ কৰে৷ কথিত ভাষাত পাঠদানৰ বাবে প্রাথমিক শ্রেণীৰ বাবে পাঠ্যপুথি প্রণয়নৰ ব্যৱস্থা কৰাৰ বিষয়ে উল্লেখ কৰি মন্ত্রী ডাঃ পেগুৱে কয় যে চাহ বাগিচাৰ ছাত্র–ছাত্রীয়ে ঘৰত ছাদ্রী ভাষাত কথা–বতৰা পাতে৷ চাহ বাগিচা অঞ্চলৰ ছাত্র–ছাত্রীসকলৰ বাবে প্রথম শ্রেণীৰ পৰা পঞ্চম শ্রেণীলৈ ছাদ্রী ভাষাত ইতিমধ্যে পাঠ্যপুথি প্রণয়ন কৰা হৈছে৷ ছাদ্রীকে ধৰি আন আন ভাষাতো পাঠ্যপুথি প্রণয়নৰ ব্যৱস্থা কৰা হৈছে৷ এই প্রসংগতে মন্ত্রী ডাঃ পেগুৱে কয় যে ১৯৯৭ চনত অসমৰ প্রাথমিক বিদ্যালয়সমূহত তিৱা ভাষাৰ প্রৱর্তন আৰু তিৱা ভাষাৰ শিক্ষক নিযুক্তি সম্পর্কত অসম চৰকাৰৰ লগত এখন চুক্তি হৈছিল৷

সেই চুক্তি অনুসৰি যিসমূহ প্রাথমিক বিদ্যালয়ত ৫১ শতাংশ তিৱা ছাত্র–ছাত্রী আছে, সেইসমূহ বিদ্যালয়ত পর্যায়ক্রমে তৃতীয় আৰু চতুর্থ শ্রেণীত বিষয় হিচাপে তিৱা ভাষা প্রৱর্তন কৰা হ’ব৷ ইয়াৰ বাবে ৰোমান লিপি ব্যৱহাৰ কৰা হ’ব৷ সেই অনুসৰি চৰকাৰে চিনাক্ত কৰা ৩০খন বিদ্যালয়ত ৩০টা প্রাথমিক তিৱা শিক্ষকৰ পদ সৃষ্টি কৰাৰ সিদ্ধান্ত গ্রহণ কৰে৷ অসম ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্রশিক্ষণ পৰিষদে ইতিমধ্যে পাঠ্যপুথি প্রণয়ন কৰিছে৷ এই বছৰৰ পৰাই তিৱা ভাষাত পাঠদান কৰা হ’ব৷ ভাষা নীতিৰ প্রসংগত মন্ত্রী ডাঃ পেগুৱে কয় যে ভাষা নীতিৰ অধীনত মাধ্যম হিচাপে স্বীকৃতি নোপোৱা জনজাতি ভাষাতো প্রাথমিক শিক্ষা প্রদানৰ নীতি লোৱা হৈছে৷ সেই অনুসৰি অসমীয়া মাধ্যমৰ ছাত্র–ছাত্রীৰ ক্ষেত্রত প্রথম বিষয় হিচাপে অসমীয়া, দ্বিতীয় বিষয় হিচাপে ইংৰাজী আৰু তৃতীয় বিষয় হিচাপে ৫০ নম্বৰ হিন্দী আৰু ৫০ নম্বৰ যিকোনো স্থানীয় প্রচলিত জনগোষ্ঠীয় ভাষাৰ ওপৰত শিক্ষাদান কৰা হ’ব৷ সেইদৰে বড়ো মাধ্যমৰ ক্ষেত্রত প্রথম বিষয় হিচাপে বড়ো, দ্বিতীয় বিষয় হিচাপে ইংৰাজী, তৃতীয় বিষয় হিচাপে ৫০ নম্বৰ হিন্দী আৰু ৫০ নম্বৰ অসমীয়া বিষয় হিচাপে ল’ব পাৰিব৷ এইক্ষেত্রত তেওঁ ধেমাজিৰ উদাহৰণ দাঙি ধৰি কয় যে সেই অঞ্চলৰ কোনো অনা অসমীয়া মাতৃভাষাৰ ছাত্র–ছাত্রীয়ে মিচিং ভাষাৰ শিক্ষা ল’ব বিচাৰিলে সেইসকল ছাত্র–ছাত্রীয়ে তৃতীয় বিষয় হিচাপে ৫০ নম্বৰৰ বাবে মিচিং ভাষা বাছি লৈ ভাষাটো শিকিব পাৰিব৷

আনহাতে, মাধ্যমিক পর্যায়ত বড়ো, তিৱা, মিচিং, কার্বি ভাষা ঐচ্ছিক বিষয় হিচাপে ছাত্র–ছাত্রীসকলে যাতে অধ্যয়ন কৰিব পাৰে, তাৰ বাবে সাহিত্য সভাসমূহৰ লগত আলোচনা কৰি তেওঁলোকক পাঠ্যপুথি প্রণয়নৰ দায়িত্ব দিয়া হৈছে বুলি মন্ত্রী ডাঃ পেগুৱে সদৰী কৰে৷ শিক্ষক বদলি সম্পর্কত তেওঁ কয় যে অনলাইন প’র্টেল এটা বনোৱাৰ কাম আৰম্ভ হৈছে৷ প’র্টেলটো হৈ উঠিলেই বদলি প্রক্রিয়া আৰম্ভ হ’ব৷

ইপিনে বিধায়ক ড০ পৰমানন্দ ৰাজবংশীৰ এক প্রশ্ণৰ উত্তৰত শিক্ষামন্ত্রী ডাঃ পেগুৱে কয় যে দ্য এছামিজ লেংগুৱেজ লার্নিং এক্ট ২০২০ আইনখনৰ প্রস্তাৱনা অনুসৰি ষষ্ঠ অনুসূচীৰ অন্তর্গত অঞ্চলসমূহ আৰু বৰাক উপত্যকাৰ বিদ্যালয়সমূহক উক্ত আইনৰ আওতাৰ পৰা বাদ দিয়া হৈছে৷ সেইদৰে বিধায়ক দেৱব্রত শইকীয়াৰ এক প্রশ্ণৰ উত্তৰত মন্ত্রী ডাঃ পেগুৱে কয় যে বর্তমান ৰাজ্যখনত ২৬খন পলিটেকনিক আছে আৰু নতুনকৈ ৮খন পলিটেকনিক স্থাপনৰ ব্যৱস্থা কৰিছে৷ ইয়াৰ ফলত ৰাজ্যখনত ৫,৮৭৫ ছাত্র–ছাত্রীক শিক্ষাদান কৰিব পৰা যাব৷ সেইদৰে অসমত বর্তমান ৭খন ইঞ্জিনীয়াৰিং কলেজ আছে আৰু নতুনকৈ ৬খন স্থাপনৰ ব্যৱস্থা কৰা হৈছে৷ ইয়াৰ ফলত ইঞ্জিনীয়াৰিঙত অধ্যয়নৰ বাবে আসনৰ সংখ্যা ২,৮৯৫খনলৈ বৃদ্ধি পাব৷ বিধায়ক লৰেঞ্চ ইছলাৰীৰ এক প্রশ্ণৰ উত্তৰত শিক্ষামন্ত্রী ডাঃ পেগুৱে কয় যে বিটিচিত ১,২১৯টা আৰু বিটিচিৰ বাহিৰত ১২৭টা বড়ো মাধ্যমৰ শিক্ষক পদ খালী হৈ আছে৷

সেইদৰে বিধায়ক প্রদীপ সৰকাৰৰ এক প্রশ্ণৰ উত্তৰত শিক্ষামন্ত্রী ডাঃ পেগুৱে কয় যে ২০১১ চনতে অভয়াপুৰী দক্ষিণ বিধানসভা সমষ্টিৰ টাপাট্টাৰী গাঁৱত ভাৰত চৰকাৰৰ মানৱ সম্পদ উন্নয়ন বিভাগৰ পৰা আদর্শ বিদ্যালয়ৰ নির্মাণকার্য আৰম্ভ কৰে যদিও অসম্পূর্ণ হৈ ৰয়৷ শেহতীয়াকৈ লোকনির্মাণ (গৃহ) বিভাগৰ মুখ্য অভিযন্তাক গৃহ নির্মাণ পুনৰ আৰম্ভ কৰাৰ নির্দেশ দিয়া হৈছে৷ সেইদৰে অঞ্চলটোত নির্মাণ কৰা আই টি আইখন ব্যক্তিগত প্রতিষ্ঠানক চলাবলৈ দিয়া হৈছে বুলি মন্ত্রী ডাঃ পেগুৱে প্রকাশ কৰে৷ বিধায়ক দিগন্ত বর্মনৰ এক প্রশ্ণৰ উত্তৰত শিক্ষামন্ত্রী ডাঃ পেগুৱে কয় যে সংশোধিত প্রাদেশিকীকৰণ আইন অনুসৰি টিউটৰ হিচাপে নিযুক্তিপ্রাপ্তসকলে ৫ বছৰৰ ভিতৰত প্রয়োজনীয় অর্হতা সম্পূর্ণ কৰাৰ পাছত তেওঁলোকক বিধিগতভাৱে পূর্ণ পর্যায়ৰ শিক্ষক হিচাপে মর্যাদা প্রদান কৰাৰ ব্যৱস্থা আছে৷

You might also like