নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নার্ছিং হোমলৈ ৰাজ্য চৰকাৰৰ নির্দেশনাঃ ক’ভিড আক্রান্তক স্বাস্থ্য বীমাৰ সুবিধা নিদিলে ল’ব কঠোৰ ব্যৱস্থা

নিয়মীয়া বাৰ্তা, ১৬ জুলাইঃ ক’ভিড আক্রান্ত চিকিৎসাধীন ৰোগীক স্বাস্থ্য বীমাৰ সঠিক সা–সুবিধা প্রদান নকৰিলে যাৱতীয় আইন অনুসৰি সংশ্লিষ্ট হাস্পতালসমূহৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰিব ৰাজ্য চৰকাৰে৷

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ প্রধান সচিবে ভাৰতীয় বীমা নিয়ন্ত্রক আৰু উন্নয়ন প্রাধিকৰণৰ নির্দেশনা অনুসৰি স্বাস্থ্য বীমাৰ সুবিধা প্রদান কৰিবলৈ নির্দেশ দিছে৷ সেয়েহে ক্লিনিকেল এষ্টাব্লিছমেণ্ট এক্টৰ অধীনত স্থাপন কৰা সকলো ব্যক্তিগত হাস্পতাল আৰু নার্ছিং হোমক প্রাধিকৰণৰ নির্দেশনা পালন কৰিবলৈ নির্দেশ দিছে ৰাজ্য চৰকাৰে৷

স্বীকৃতিপ্রাপ্ত বীমা প্রতিষ্ঠানসমূহৰ অধীনত স্বাস্থ্য বীমা কৰা ক’ভিড ৰোগীসকলক হাস্পতালসমূহে এই সুবিধা প্রদান কৰিব লাগিব৷ এইক্ষেত্রত যিকোনো ধৰণৰ অসুবিধা অথবা অসহযোগিতা প্রদর্শন কৰিলে সংশ্লিষ্ট হাস্পতালখনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰা হ’ব৷

উল্লেখ্য যে ক’ভিড আক্রান্ত ৰোগীক স্বাস্থ্য বীমাৰ সুবিধা প্রদান নকৰাক লৈ উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বার্থজড়িত গোচৰ ৰুজু হৈছিল৷ এই গোচৰৰ শুনানি গ্রহণ কৰি বীমা নিয়ন্ত্রকে প্রদান কৰা নির্দেশনা পালন কৰাটো প্রয়োজনীয় বুলি মত প্রদান কৰিছিল৷ একে সময়তে ক’ভিড ব্যৱস্থাপনাৰ বাবে প্রদান কৰা চৰকাৰী নির্দেশনা, জাননী, পৰামর্শাৱলী, চিকিৎসাৰ প্রট’কল আদি সকলো হাস্পতালক কার্যকৰী কৰিবলৈ নির্দেশ দিছে৷ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ নির্দেশনা কঠোৰভাৱে বলৱৎ কৰাটো নিশ্চিত কৰিব লাগিব ৰাজ্যৰ স্বাস্থ্য সেৱা সঞ্চালকে৷

You might also like