নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভ্ৰাম্যমাণ থিয়েটাৰে অসমীয়াৰ আবেগ অনুভূতিক ধৰি ৰাখিছেঃ ৰণজিৎ ভট্টাচাৰ্য

নিয়মীয়াবাৰ্তা, ১৩ নৱেম্বৰ : “গোপীসকল আত্মা আৰু কৃষ্ণ হ’ল পৰত্মা ৷ এয়া হ’ল ৰাসৰ ৰস ৷ আচলতে গোপীসকলে ভগৱান কৃষ্ণৰ লগত যমুনাৰ পাৰত ৰাসক্ৰীড়া কৰিব যোৱা নাছিল ৷ গৈছিল তেওঁলোকৰ আত্মাইহে ৷” -এই মন্তব্য ৰাজ্যিক কৃষাণ মৰ্চাৰ উপ সভাপতি ৰণজিৎ ভট্টাচাৰ্যৰ ৷ কালি নিশা ৰাসস্থলীত অনুস্থিত হোৱা ইতিহাস থিয়েটাৰৰ মঞ্চ উদ্বোধন কৰি কৃষাণ মৰ্চাৰ উপসভাপতি গৰাকীয়ে ৰাস মহোৎসৱ সন্দৰ্ভত এক তথ্যগধুৰ বক্তব্য আগবঢ়াই কয় যে ৰাস মানেই নৃত্য, সংগীত, নাটক আদিৰ প্ৰাঙ্গিকতা আছে ৷ তেওঁ পুনৰ কয় যে ভ্ৰাম্যমাণ থিয়েটাৰ সমুহে অসমীয়াৰ আবেগ অনুভূতিসমুহ ধৰি ৰাখিছে ৷ থিয়টাৰৰ নাটকসমুহে ৰাইজক এটা ভাল মেছেজ দিব পাৰে ৷ থিয়েটাৰৰ কলা-কুশলীসকলে শ্ৰমৰ বিনিময়ত সুন্দৰ অভিনয় কৰি ৰাইজক এখন ভাল নাটক উপহাৰ দিবলৈ চেষ্টা কৰে ৷ তেওঁলোকৰ অভিনয়ক আমি দৰ্শক ৰাইজে ভালদৰে আদৰি ললে তেওঁলোক উৎসাহিত হৈ পৰে ৷ প্ৰতিগৰাকী অসমীয়াক তেওঁ অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ নাটক সমুহ উপভোগ কৰি শিল্পী আৰু কলা-কুশলীসকলক প্ৰেৰণা যোগাবলৈ আহ্বান জনায় ৷ ভাষণত তেওঁ বিশিষ্ট নাট্যশিল্পী মৃদুল ভূঞাৰ বলিষ্ঠ অভিনয়কো ভূয়সী প্ৰশংসা কৰে ৷ তেওঁৰ লগত মুখ্যমন্ত্ৰীৰ সহায়ক দিগন্ত শৰ্মা, নাট্যশিল্পী মৃদুল ভূঞা আৰু ৰাস উদযাপন সমিতিৰ সভাপতি প্ৰাণজিৎ দাস উপস্থিত থাকে ৷

শুৱালকুছিৰ ৰাসত গ্ৰন্থপ্ৰেমীৰ ভীৰ

শুৱালকুছিৰ ৰাসস্হলীত এইবাৰ অভিলেখ সংখ্যক গ্ৰন্থপ্ৰেমীয়ে ভীৰ কৰা পৰিলক্ষিত হৈছে ৷ ৰাসৰ আধ্যাত্মিকাৰ মাজতে গ্ৰন্থপ্ৰেমীৰে ভীৰে সাহিত্যনুৰাগী সকল উৎসাহিত কৰি তুলিছে ৷ উল্লেখ্য যে, ৰাসস্হলীত উদীয়মান সাহিত্যকৰ্মী হেমেন পাঠক, অজয় বৈশ্য,ভূপেন ভৰালীকে ধৰি কেবাজনে এইবাৰ ৰাসস্হলীত এখন গ্ৰন্থ বিপনী মুকলি কৰে ৷ কিন্ত আচাৰ্যজনক ভাবে গ্ৰন্থ বিপনীখনত প্ৰতিদিনে অসংখ্য লোকৰ সমাগম ঘটে ৷ বিপনীখনত বিশেষকৈ শিশুৰ বাবে অনা বহুকেইখন আকৰ্ষণীয় গ্ৰন্থই শিশু আৰু চেমনীয়া সকলক আকৰ্ষিত কৰা পৰিলক্ষিত হৈছে ৷ এনেবোৰ গ্ৰন্থই বিপনীখনত সৰ্বাধিক বিক্ৰী হৈছে৷ ইয়াৰ মাজতে ধৰ্মীয় গ্ৰন্থ আৰু অভিধানো বিক্ৰী হৈছে ৷ যোৱা দিনকেইটাত প্ৰায় সত্তৰ হাজাৰ টকাৰ ওপৰত গ্ৰন্থ বিক্ৰী হৈছে ৷ ৰাসস্হলীত এনেদৰে গ্ৰন্থ বিক্ৰীয়ে সাহিত্যৰ দিশটোক এখোজ আগবঢ়াই নিয়া বুলি সাহিত্যপ্ৰেমী ৰাইজে তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াইছে ৷

You might also like