নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্বপ্নভংগ পাকিস্তানৰঃ ৰোমাঞ্চকৰ মেচত পাকিস্তানক হৰুৱাই দ্বিতীয়বাৰলৈ চেম্পিয়ন ইংলেণ্ড

নিয়মীয়াবাৰ্তা, ১৩ নৱেম্বৰ : টি-২০ বিশ্বকাপৰ ফাইনেলত পাকিস্তানক পৰাস্ত কৰি ইংলেণ্ডে খিতাপ দখল কৰে। মেলবৰ্ণত অনুষ্ঠিত হোৱা চূড়ান্ত খেলখনত বেন ষ্ট’কছৰ ধুমুহাময় প্ৰদৰ্শনত ইংলেণ্ডে পাকিস্তানক ৫ উইকেটত পৰাস্ত কৰে। প্ৰথমে বেটিং কৰি পাকিস্তানে ১৩৮ ৰানৰ লক্ষ্য বান্ধি দিছিল ইংলেণ্ডক। ইয়াৰ প্ৰত্যুত্তৰত ইংলেণ্ডে ৫টা উইকেট হেৰুৱাই মেচখনত জয়লাভ কৰে। ইংলেণ্ডে দ্বিতীয়বাৰৰ বাবে টি-২০ বিশ্বকাপৰ খিতাপ দখল কৰে। দলৰ হৈ ছেম কাৰাণ আৰু আদিল ৰছিদে বিধ্বংসী বলিং কৰি কম স্কৰতে পাকিস্তানক স্তব্ধ কৰে।

মনকৰিবলগীয়া যে ইংলেণ্ডে দ্বিতীয়বাৰৰ বাবে টি-২০ বিশ্বকাপৰ খিতাপ দখল কৰিছে। ইয়াৰ পূৰ্বে ২০১০ চনত ইংলেণ্ডে অষ্ট্ৰেলিয়াক ৭ উইকেটত পৰাস্ত কৰি প্ৰতিযোগিতাখন বিজয় লাভ কৰিছিল। ইয়াৰ পিছত ২০১৬ চনতো দলটোৱে ফাইনেলত প্ৰৱেশ কৰিছিল যদিও ৱেষ্ট ইণ্ডিজৰ হাতত পৰাস্ত হবলগীয়া হয়।

ষ্ট’কছৰ মেচ বিজয়ী ইনিংছ

পাকিস্তানে দিয়া লক্ষ্যৰ আগত ৰাখি ইংলেণ্ড দলটোৱে ১৯ অভাৰত ৫টা উইকেট হেৰুৱাই লক্ষ্যত উপনীত হয়। দলটোৰ হৈ বেন ষ্ট’কে শক্তিশালী ইনিংছ আগবঢ়ায়। তেওঁ ৪৯টা বলত অপৰাজিত ৫২ ৰান সংগ্ৰহ কৰে। ষ্ট’কছৰ এই ইনিংছত আছিল ৫টা চাৰি আৰু এটা ছয়। ইয়াৰোপৰি মঈন আলীয়েও ১৯ ৰানৰ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়ায়। মঈন আলীয়ে পাকিস্তানৰ বেগী বলাৰ মহম্মদ ৱাছিমৰ অভাৰত ৩টা সুন্দৰ চাৰি মাৰি খেলখন ইংলেণ্ডৰ হাতলৈ আনিছিল।

পাকিস্তানক জয়ী কৰিব নোৱাৰিলে শ্বাহীন আৰু ৰাউফে

আজি সকলো পাকিস্তানী অনুৰাগীৰ আশাত চেঁচা পানী ধালিলে ইংলেণ্ডে। খেলখনত সকলোৰে নয়নৰ মনি আছিল হাৰিছ ৰাউফ আৰু শ্বাহীন আফ্ৰিদী। কিন্তু আজি চূড়ান্ত মেচত এই দুইগৰাকী পাক বলাৰে নিৰাশ কৰে সকলো পাক অনুৰাগীক। খেলখনত ৰাউফে ৪ অভাৰত ২৩ ৰান খৰছ কৰি ২ উইকেট দখল কৰে। ইফালে আফ্ৰিদীয়ে ২.১ অভাৰত ১৩ ৰান দি মাত্ৰ এটা উইকেট দখল কৰে।

উল্লেখ্য যে প্রতিযোগিতাখনৰ ছুপাৰ ১২ত পাকিস্তানে জিম্বাব’ৱে আৰু ইংলেণ্ডে আয়াৰলেণ্ডৰ হাতত অপ্রত্যাশিত পৰাজয়বৰণ কৰাত দুয়োটা দলে প্রতিযোগিতাখনত বর্তি থকাটোৱে কঠিন হৈ পৰিছিল যদিও চমকপ্রদ প্রদর্শনেৰে অৱশেষত ইংলেণ্ড আৰু পাকিস্তানে বিশ্বকাপৰ ফাইনেলত স্থান সুৰক্ষিত কৰিবলৈ সক্ষম হৈছিল৷

You might also like