নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৭ দিনত ওজন হ্ৰাস আৰু ছাল উজ্জ্বল কৰি ৰাখিব পাৰে এই ফলৰ ৰসে…

নিয়মীয়া বাৰ্তা, ২৮ ফেব্ৰুৱাৰীঃ গুণগত মানৰে ভৰ্তি বিলাহী। ইয়াত যথেষ্ট পুষ্টি আৰু খনিজ থাকে। পটাছিয়াম সমৃদ্ধ বিলাহীয়ে শৰীৰৰ ৰক্তচাপৰ স্তৰ নিয়ন্ত্ৰণ কৰে। ছাল উজ্জ্বল কৰিবলৈ সিদ্ধহস্ত বিলাহী।

ওজন হ্ৰাস সামগ্ৰী হিচাপে বিলাহী অতুলনীয়। বিলাহীৰ ৰস পানে শৰীৰৰ চৰ্বি হ্ৰাস কৰিব পাৰে। কেৱল এগিলাচ বিলাহীৰ ৰসেই দেহৰ চৰ্বি হ্ৰাস কৰাত সহায় কৰে।

বিটা-কেৰোটিন আৰু লিক’পিন সমৃদ্ধ বিলাহীয়ে দৃষ্টি শক্তি বৃদ্ধি কৰাত সহায় কৰে। বিলাহীয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি কৰে।

আনহাতে বিলাহীৰ ৰসত অতি কম কেলৰি থাকে। ১০০ গ্ৰাম বিলাহীত কেৱল ১৭ গ্ৰাম কেলৰি থাকে। ইয়াত মুখ্যতঃ পানীৰ পৰিমান বেছি থাকে। এটা বিলাহীত প্ৰায় ৯৪ শতাংশ কেৱল পানী থাকে। সেয়েহে ই ওজন হ্ৰাস কৰাত সহায় কৰে।

বিলাহীত এণ্টিঅক্সিডেণ্ট থাকে, যিয়ে কলেষ্টৰেলৰ স্তৰ নিয়ন্ত্ৰণ, চকু আৰু ছালৰ সুৰক্ষা আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।

গবেষণাই কয় যে লিক’পিনে প্ৰাকৃতিকভাৱে মেটাবলিজম নিয়ন্ত্ৰণ কৰিব পাৰে। ইয়াৰ ফলত শৰীৰত চৰ্বি হ্ৰাস হোৱাৰ বাবে ওজন দ্ৰুতভাৱে হ্ৰাস হয়।

গৱেষকসকলৰ মতে, বিলাহীয়ে শৰীৰত কাৰ্নিটাইন নামৰ এটা এমিনো এচিড সৃষ্টি কৰে, যি শৰীৰৰ চৰ্বি হ্ৰাসত সহায় কৰে।

 

You might also like