নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হঠাৎ অসমলৈ জাকে জাকে আগমন ৰহস্যজনক অচিনাকি লোকৰ

🔹 বৰঝাৰ বিমানবন্দৰত আদৰি নিলে জমিয়তে

বিশেষ বাৰ্তা, ২৬ আগষ্ট : সংৰক্ষিত বনাঞ্চল তথা চৰকাৰী ভূমিৰ পৰা একাংশ সন্দেহযুক্ত লোকক উচ্ছেদ কৰাৰ পাছত ৰাজ্যখনক অশান্ত কৰিবলৈ অচিনাকি লোকৰ আগমন ঘটা বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আশংকা ব্যক্ত কৰি আহিছে৷ এই আশংকাৰ মাজতে কালি ৰাজ্যলৈ জাকে জাকে ৰহস্যজনক অচিনাকি লোকৰ আগমনক লৈ ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷

প্রাপ্ত তথ্য অনুসৰি, দুটা পৃথক গোটত এই অচিনাকি লোকসকলৰ ৰাজ্যখনলৈ আগমন ঘটিছে৷ গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমানবন্দৰত উপস্থিত হোৱাৰ পাছতে ৰহস্যজনক লোকসকলক জমিয়তৰ সদস্যই আদৰি নিয়াও পৰিলক্ষিত হৈছে৷ জমিয়তৰ লোকসকলৰ সৈতে বহিঃৰাজ্যৰ পৰা আগমন ঘটা এইসকল অচিনাকি লোক ধুবুৰী আৰু গোৱালপাৰা অভিমুখে ৰাওনা হোৱা বুলি জানিব পৰা গৈছে৷ স্বাভাৱিকতে এই ঘটনাই সমগ্র ৰাজ্যজুৰি প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷ প্রশ্ণ উঠিছে- হঠাৎ বিমানযোগে আগমন ঘটা এই অচিনাকি লোকসকল কোন? অসমলৈ তেওঁলোক কি উদ্দেশ্যৰে আহিছে? কোনো লোকে অসমক পুনৰ অশান্ত কৰাৰ পৰিকল্পনা কৰিছে নেকি বুলিও ৰাইজৰ মনত শংকাৰ সৃষ্টি হৈছে৷

লক্ষণীয় যে ধুবুৰীৰ চাপৰৰ লগতে গোৱালপাৰাৰ পাইকানত কিছুদিন পূর্বে ৰাজ্য চৰকাৰে ব্যাপক উচ্ছেদ অভিযান চলাইছিল৷ এই উচ্ছেদ অভিযানৰ একাংশ দল–সংগঠনে বিৰোধিতা কৰিছে৷ কেৱল চাপৰৰে নহয়, উৰিয়ামঘাটকে ধৰি বহু অঞ্চলত সন্দেহজনক লোকসকলক উচ্ছেদ কৰাক লৈ বিৰোধী ৰাজনৈতিক দলৰ পৰা আৰম্ভ কৰি কেইবাটাও দল–সংগঠনে তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে৷ আনকি একাংশ দল–সংগঠনে ৰাজ্যজুৰি বিক্ষোভ কার্যসূচীও পালন কৰিছে৷ এনে বিক্ষোভৰ মাজতে শেহতীয়াকৈ জমিয়ত উলেমা–ই–হিন্দৰ মুৰব্বী মেহমুদ মাদানিৰ নেতৃত্বত অনুষ্ঠিত এখন সভাত ৰাজ্যখনৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক অপসাৰণ কৰাৰ দাবীৰে প্রস্তাৱ গ্রহণ কৰিছে৷ নতুন দিল্লীত অনুষ্ঠিত জমিয়তৰ এই সভাৰ প্রস্তাৱে সৃষ্টি কৰা বিৰূপ প্রতিক্রিয়া মাৰ নৌযাওঁতেই ৰাজ্যলৈ কালি জাকে জাকে ৰহস্যজনক অচিনাকি লোকৰ আগমনে স্থানীয় লোকসকলকো শংকিত কৰি তুলিছে৷

You might also like