নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মই মোৰ নিজৰ দায়িত্ব পালন কৰিব নোৱাৰিলো… আলফা (স্বাধীন)এ পঠিয়ালে ছুইচাইড টোকা

বিশেষ বাৰ্তা, ১২ মেঃ ‘মই মোৰ নিজৰ দায়িত্ব পালন কৰিব নোৱাৰিলো। মই সংগঠন কৰিব বুলি আহিছিলো কিন্তু সতীৰ্থ জালত পৰি সতীৰ্থকে সহায় কৰি বেয়া কাম কৰিলো।’-অৱশেষত সংবাদ মাধ্যমলৈ বিজু গগৈৰ ছুইচাইড নোট প্ৰেৰণ কৰিলে আলফা (স্বাধীন)-এ। বিজু গগৈক আলফা (স্বাধীন)এ মৃত্যুদণ্ড দিয়া নাই। তেওঁ আত্মহত্য়া কৰিছিল। আলফা (স্বাধীন)ৰ প্ৰচাৰ সদস্য কেপ্টেইন ৰুমেল অসমে এক বিবৃতি প্ৰেৰণ কৰিছে। বুধবাৰে আৰক্ষীৰ হাতত আটক হোৱা আলফা (স্বাধীন)ৰ সদস্য সন্তোষ লামা ওৰফে অপু অসমৰ এক বিস্ফোৰক তথ্যই পুনৰ বিভিন্ন প্ৰশ্নৰ সৃষ্টি কৰিছে। তিনিচুকীয়া জিলাৰ পৰা আলফা (স্বাধীন)ত যোগদান কৰা বৰডুমচা আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক বিজু গগৈ ওৰফে ভাগ্য অসমক আলফা (স্বাধীন)ৰ শিবিৰত হত্য়া কৰা হৈছে। কিন্তু তাৎক্ষণিক প্ৰতিক্ৰিয়া হিচাপে এই কথা অস্বীকাৰ কৰিছিল আলফা (স্বাধীন)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই। লগতে কৈছিল ধৃত সন্তোষ লামা আলফা (স্বাধীন)ৰ সৈনিক সদস্য নাছিল বুলিও বিবৃতিত জনাইছে।

You might also like