নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এজনেও ভেকচিন নোলোৱা উত্তৰ কোৰিয়াত বহুজন ক’ভিডত আক্ৰান্তঃ ‘গুৰুতৰ জৰুৰী অৱস্থা’ জাৰি

বিশেষ বাৰ্তা, ১২ মেঃ ২০২০ চনত ক’ভিড অতিমাৰী আৰম্ভ হোৱাৰ পাছতেই সীমান্ত বন্ধ কৰি দিছিল উত্তৰ কোৰিয়াই। ইমান দিনে স্বৈৰাচাৰী শাসক কিম জং উনৰ চৰকাৰে দাবী কৰিছিল যে, তেওঁলোকৰ দেশ অতিমাৰীৰ পৰা মুক্ত। কিন্তু বৃহস্পতিবাৰে প্রথমবাৰলৈ উত্তৰ কোৰিয়াই চৰকাৰীভাৱে জনালে যে, দেশখনৰ কেবাজনো লোক ক’ভিডত আক্রান্ত হৈছে। ইয়াৰ পাছত দেশখনত ‘চিভিয়াৰ নেশ্বনেল ইমার্জেন্সি’ অর্থাৎ ‘গুৰুতৰ জৰুৰী অৱস্থা’ জাৰি কৰা হৈছে। উত্তৰ কোৰিয়াৰ চৰকাৰী সংবাদ প্ৰতিষ্ঠান চেন্ট্রেল নিউজ এজেন্সিয়ে জনাইছে, ক’ভিডৰ অমিক্রন ভেৰিয়েন্ট বিয়পিছে দেশখনত। এসময়ত হু তথা চীন আৰু ৰাছিয়াৰ দৰে দেশে উত্তৰ কোৰিয়াত ভেকচিন সৰবৰাহ কৰিব বিচাৰিছিল। কিন্তু কিমে ভেকচিন আমদানি কৰা নাছিল। উত্তৰ কোৰিয়াৰ আঢ়ৈ কোটি মানুহৰ কোনেও ক’ভিডৰ ভেকচিন লোৱা নাই।

You might also like