নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জুলাইত শ্রীলংকালৈ ভাৰতীয় ক্রিকেট দল

নিয়মীয়া বাৰ্তা, ১০ মে: সীমিত অভাৰৰ শৃংখলাত অংশ লোৱাৰ উদ্দেশ্যে জুলাই মাহত শ্রীলংকা ভ্রমণ কৰিব ভাৰতীয় ক্রিকেট দলটোৱে৷ ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ডৰ সভাপতি সৌৰভ গাংগুলীয়ে আজি এই কথা সদৰী কৰিছে৷

অৱশ্যে টীম ইণ্ডিয়াৰ এই শ্রীলংকা ভ্রমণৰ পৰা বিৰত থাকিব দলটোৰ অধিনায়ক বিৰাট কোহলিৰ লগতে সহঃধিনায়ক ৰোহিত শর্মাই৷ শ্রীলংকা ভ্রমণকালত ভাৰতীয় দলটোৱে তিনিখন এদিনীয়া আৰু পাঁচখন টি–২০ মেচত অংশগ্রহণ কৰাৰ সম্ভাৱনা আছে বুলি বি চি চি আইৰ সভাপতিগৰাকীয়ে মন্তব্য কৰে৷

You might also like