নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভায়োলিন বজাই আন্তঃৰাষ্ট্রীয় প্রেক্ষাপটত জিলিকিল সুনীতা ভূঞা

নিয়মীয়া বাৰ্তা, ৮ডিচেম্বৰ: ভায়োলিন বজাই আন্তঃৰাষ্ট্রীয় প্রেক্ষাপটত জিলিকি উঠিল এগৰাকী অসম ললনা৷ সংগীতৰ জৰিয়তে বিশ্বত সৃজনীশীলতা আৰু দক্ষতাৰে নেতৃত্ব প্রদানৰ বাবেই সুনীতা ভূঞাই লাভ কৰিছে শ্বীইনছপায়ার্ছ এৱার্ড৷ অলপতে ইংলেণ্ডৰ ব’ল্টন ষ্টেডিয়াম হলত আয়োজিত এক আড়ম্বৰপূর্ণ অনুষ্ঠানত ভূঞাক এই বঁটাৰে সন্মানিত কৰা হয়৷ উল্লেখ্য যে শ্বীইনছপায়ার্ছ এৱার্ডত আছে ১০টাকৈ শিতান৷ বিভিন্ন ক্ষেত্রত পাৰদর্শীতা দেখুওৱা মহিলাসকলক এই শিতানসমূহত বঁটা প্রদান কৰা হয়৷ অসমৰ সুনীতা ভূঞাই কালচাৰেল চেম্পিয়ন এৱার্ড শিতানত আর্ন্তজাতিক সন্মান লাভ কৰিছে৷ এই শিতানত স্থানীয় সন্মান লোট্টে ৱাকেহাম আৰু ৰাষ্ট্রীয় সন্মান লাভ কৰিছে দিহানী সৰকাৰে৷ উল্লেখ্য যে এই বঁটাৰ বাবে জার্মানী, ডেনমার্ক, স্পেইন, ডোহা, দক্ষিণ আফ্রিকা, আমেৰিকা আৰু ভাৰতৰ বহুকেইগৰাকী মহিলাই মনোনয়ন লাভ কৰিছিল৷ বঁটা লাভৰ পাছত সুনীতা ভূঞাই সংবাদ মাধ্যমৰ আগত প্রতিক্রিয়া ব্যক্ত কৰি কয় যে এই বঁটা লাভ কৰি মই অতি আনন্দিত৷ এই বছৰ প্রতিযোগিতাখন যথেষ্ট কঠিন আছিল৷ তথাপি মই বঁটা লাভ কৰিবলৈ সক্ষম হ’লোঁ৷ ভৱিষ্যতে সংগীতৰ জৰিয়তে জীৱনক অধিক প্রভাৱিত কৰিবলৈ চেষ্টা কৰিম৷ উল্লেখ্য যে বঁটা প্রদান অনুষ্ঠানত ৰাণী দ্বিতীয় এলিজাবেথৰ সোঁৱৰণত এক সংগীতানুষ্ঠান পৰিৱেশন কৰে৷

You might also like