নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৃষি বিশ্ববিদ্যালয়ত দুর্নীতি–অনিয়মঃ অধিক হাৰত দৰমহা–ভাট্টা লৈ থকাৰ গুৰুতৰ অভিযোগ উপাচার্য ড০ বিদ্যুৎ চন্দন ডেকাৰ বিৰুদ্ধে

নিয়মীয়া বাৰ্তা, ৮ডিচেম্বৰ: দুর্নীতি–অনিয়মৰ ভূস্বর্গলৈ পর্যবসিত হৈছে যোৰহাটস্থিত অসম কৃষি বিশ্ববিদ্যালয়৷ উচ্চ শিক্ষানুষ্ঠানখনত কেলেংকাৰিৰ অভিলেখ ৰচনা কৰা তদানীন্তন উপাচার্য ড০ কমলমল্ল বুজৰবৰুৱাকে চেৰ পেলাই এই দৌৰত কার্যতঃ আগবাঢ়িব ওলাইছে বর্তমানৰ উপাচার্য ড০ বিদ্যুৎ চন্দন ডেকা৷ অসম কৃষি বিশ্ববিদ্যালয় আইন–১৯৬৮ উলংঘা কৰি অধিক হাৰত দৰমহা–ভাট্টা লৈ থকাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে উপাচার্য ড০ ডেকাৰ বিৰুদ্ধে৷ ইউ জি চিৰ গাইড লাইন অনুসৰি উপাচার্য ড০ ডেকাই মাহিলি দৰমহা–ভাট্টা হিচাপে ২,৯৫,৪০০ টকা পাব লাগে৷ কিন্তু পাই আছে ৩,২৩,৯৬৪ টকা৷ উপাচার্য ড০ ডেকাই নিজৰ দৰমহাৰ ভিতৰতে নীতিবর্হিভূতভাৱে বিশেষ কর্তব্য আৰু ডেপুটেচন ভাট্টা আদায় লৈ থকা বুলি অভিযোগত প্রকাশ৷

উল্লেখ্য যে ৰাজ্যৰ কৃষি বিজ্ঞান কেন্দ্রসমূহত ভাৰতীয় কৃষি অনুসন্ধান পৰিষদৰ নির্দেশমর্মে কেন্দ্রসমূহত ভাৰতীয় কৃষি অনুসন্ধান পৰিষদৰ নির্দেশমর্মে বিশেষ কর্তব্য ভাট্টা বন্ধ কৰি দিয়া হৈছে৷ কিন্তু ইয়াৰ পাছতো অতি আশ্চর্যজনকভাৱে সকলো নীতি–নিয়ম আৰু নির্দেশনা জলাঞ্জলি দি উপাচার্য ড০ ডেকাই মাহিলি আদায় লৈ আছে বিশেষ কর্তব্য ভাট্টা৷ আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল– পাহাৰীয়া বা দুর্গম অঞ্চলত চাকৰি কৰি থকাসকলেহে সাধাৰণতে বিশেষ কর্তব্য ভাট্টা লাভ কৰে৷ পিছে যোৰহাটৰ দৰে ঠাইত থাকিয়েই উপাচার্য ড০ ডেকাই প্রতিমাহে বিশেষ কর্তব্য ভাট্টা আদায় লৈ আছে৷ এই সমগ্র বিষয়টোক লৈ সৰৱ হৈ পৰিছে হিন্দু যুৱ–ছাত্র পৰিষদ, অসম৷ সংগঠনটোৰ সভাপতি বলেন বৈশ্য আৰু সাধাৰণ সম্পাদক মাধৱ দাসে কয় যে ধনৰ লোভত উপাচার্য ডেকাই ইয়াকো পাহৰি গৈছে– যোৰহাট পাহাৰীয়া অঞ্চল নহয়, সমতলত অৱস্থিত এখন চহৰহে৷ উপাচার্য ড০ ডেকাই পাহাৰীয়া বা দুর্গম অঞ্চলত চাকৰি কৰাসকলক চৰকাৰে আগবঢ়োৱা বিশেষ কর্তব্য ভাট্টাও নিজৰ দৰমহাৰ সৈতে আদায় লৈ আছে৷ হিন্দু যুৱ–ছাত্র পৰিষদৰ নেতাদ্বয়ে দাবী কৰা মতে অসমৰ প্রতিখন বিশ্ববিদ্যালয়ৰ উপাচার্যৰ নিযুক্তি, দা–দৰমহা আৰু অন্যান্য সা–সুবিধাসমূহ আচার্যই নির্ধাৰণ কৰিব লাগে৷ আচার্যৰ কার্যালয়ত হিন্দু যুৱ–ছাত্র পৰিষদৰ তৰফৰ পৰা এই সন্দর্ভত তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত আবেদন কৰাত তেওঁলোকৰ হাতত কোনো এখন বিশ্ববিদ্যালয়ৰে উপাচার্যসকলৰ দা–দৰমহা আৰু অন্যান্য সা–সুবিধা আদি দিয়াৰ কোনো তথ্য মজুত নাই বুলি জানিবলৈ দিয়ে৷ এই কথাই সৰিয়হৰ ডুলিতে ভূতে অৱস্থিতি লোৱাটো স্পষ্ট কৰিছে৷

বৈশ্য আৰু দাসে পুনৰ কয় যে যদি আচার্যৰ কার্যালয়ত ইয়াৰ কোনো তথ্যই নাই, তেন্তে অসম কৃষি বিশ্ববিদ্যালয় আইন–১৯৬৮ৰ ১৯(৩)নং ধাৰা ভংগ কৰি অসম কৃষি বিশ্ববিদ্যালয়ৰ মহাগাণনিকে কেনেকৈ আৰু কিহৰ ভিত্তিত উপাচার্য ড০ ডেকাৰ দৰমহা আৰু সা–সুবিধা নির্ধাৰণ কৰিছে৷ উপাচার্য ড০ ডেকাই নিজৰ দৰমহাত প্রতি মাহে ডেপুটেচন ভাট্টা ৯,০০০ টকাকৈ আদায় লৈ আহিছে৷ এতিয়া কথা হ’ল উপাচার্য ড০ ডেকাই নিজেহে আবেদন কৰি উপাচার্য হৈছে, ৰাজ্য চৰকাৰে বা আচার্যই তেওঁক ডেপুটেচনত অনা নাই৷ গতিকে তেওঁ ডেপুটেচন ভাট্টা ৯,০০০ টকা লৈ থকাটো অনিয়ম৷ উপাচার্য নিযুক্তি বিজ্ঞাপনতো এই ডেপুটেচন ভাট্টাৰ কোনো কথা উল্লেখ নাছিল৷ মুঠতে দুর্নীতি আৰু অনিয়মৰ ভূ–স্বর্গত পৰিণত হৈছে অসম কৃষি বিশ্ববিদ্যালয়৷ ইতিমধ্যে এই সমস্ত ঘটনা তথ্যসহ মুখ্যমন্ত্রীৰ দৃষ্টিগোচৰ কৰোৱা হৈছে বুলিও বৈশ্য আৰু দাসে উল্লেখ কৰাৰ লগতে দোষীক উপযুক্ত শাস্তিৰ দাবী জনায়৷

You might also like