যি সময়ত প্রকৃত প্রেমৰ মৃত্যু ঘটিছে বুলি কোৱা হয়, দাম্পত্য সম্পর্কও ক্রমে ঠুনুকা হৈ আহিছে, পৰকীয়া প্রেমৰ প্রাদুর্ভাৱ ঘটিছে, তেনে সময়তে নলবাৰী জিলাৰ বৰনর্দ্দী গাঁৱৰ ফুলবাৰী চুবুৰিৰ ডাক বিভাগৰ প্রাক্তন কর্মচাৰী সুৰেন্দ্র নাথ শর্মাই পত্নীৰ মৃত্যুৰ পাছত ১৭ দিন ধৰি এটোপাল পানীও গ্রহণ নকৰাকৈ মৃত্যুক আঁকোৱালি ল’লে৷
উল্লেখ্য যে তেওঁৰ পত্নী কনকলতা দেৱীৰ ২২ ফেব্রুৱাৰীত প্রায় ছবছৰীয়া অসুস্থতাৰ পাছত মৃত্যু হৈছিল আৰু তেতিয়াৰে পৰা তেওঁ ভাত–পানী সম্পূর্ণৰূপে ত্যাগ কৰিছিল৷ তেওঁৰ দুগৰাকী কন্যা, জোঁৱাই, একমাত্র পুত্র, বোৱাৰী, আত্মীয়–স্বজন, বন্বুূ–বান্ধৱ সকলোৰে প্রচেষ্টাৰ পিছতো তেওঁক একো খুৱাব পৰা নাছিল৷ তেনেকুৱা অনুৰোধ কৰিলে তেওঁ হাতযোৰ কৰিছিল৷ তেওঁ কাণেৰ কম শুনিছিল৷ কিন্তু পাছলৈ তেওঁ সম্পূর্ণ বধিৰৰ দৰে আচৰণ কৰিছিল৷ বিকল্প উপায় হিচাপে ডাক্তৰৰ পৰামর্শ অনুসৰি ছেলাইন–বেজীৰ ব্যৱস্থা কৰা হৈছিল যদিও তেওঁ সেয়া ল’বলৈ অস্বীকাৰ কৰিছিল৷ তথাপি তেওঁৰ হাতে-ভৰিয়ে ধৰি জোৰকৈ ছেলাইন দিয়া হৈছিল যদিও তেওঁ ছেলাইন দিয়া সময়খিনি সর্বশক্তিৰে মুক্ত হ’বলৈ চেষ্টা কৰিছিল ৷
প্রথমকেইদিন তেওঁক খুৱাবলৈ অনুনয়-বিনয় কৰিলে তেওঁ মাত্র কৈছিল যে তেওঁ খোৱা-লোৱা বাদ দিছে৷ পাছলৈ তেওঁ মাত–বোল নকৰা হৈছিল আৰু মাতি থাকিলেও সঁহাৰি নিদিয়া হৈছিল, গাত কাপোৰ–কানি নৰখা হৈছিল আৰু পিন্ধি থকা লগুনডালো ছিঙি পেলাইছিল৷ ক্রমে তেওঁ মানসিক ভাৰসাম্য হেৰুৱাইছিল৷ নিজৰ ঘৰ, থকা কোঠা আদিও চিনি নোপোৱা হৈছিল৷ পত্নী অসুখত ভুগি থকা সময়ত তেওঁক প্রায়ে পত্নীৰ বিছনাৰ কাষতে চকী এখনত বহি পত্নীৰ মুখলৈ চাই থকা দেখা গৈছিল৷ ৰোগাক্রান্ত পত্নীয়ে খালেহে তেওঁ খাইছিল৷ পত্নীক দীঘলীয়াকৈ সাত–আঠবাৰ বিভিন্ন চিকিৎসালয়ত ভর্তি কৰোৱা হৈছিল৷ সেই দিনবোৰতো তেওঁ প্রায়ে ভাত–পানী খাবলৈ এৰিছিল৷ বয়সৰ লগে লগে তেওঁৰ কঁকাল হাউলি অথর্বপ্রায় হৈছিল৷ সেয়ে পত্নীক চিকিৎসালয়লৈ নি চিকিৎসা কৰাব পৰা নাছিল৷ সেই গ্লানিয়েও তেওঁক দহিছিল৷
কিন্তু পত্নীৰ চিকিৎসাত যাতে ত্রুটি নহয়, ঔষধ–পথ্য ঠিকমতে খায়, সেহটো চকু দিছিল৷ বিপৰীতে পত্নী চিকিৎসালয়ত থকা দিনবোৰত তেৱোঁ গিৰীয়েকে ঠিক মতে খোৱা–বোৱা কৰিছে নে নাই, সেয়া খা–খবৰ লৈছিল৷ অৱশেষত পত্নীৰ মৃত্যু হ’ল যদিও তেওঁ যেন ইয়াক সহজভাৱে ল’ব পৰা নাছিল৷ দ্রুতগতিত তেওঁ সংসাৰৰ মায়া-মোহৰ পৰা মুক্ত হৈছিল৷ তেওঁৰ সন্মুখতে পত্নীৰ শ্রাদ্ধাদি কর্ম অনুষ্ঠিত হৈছিল যদিও তেওঁ ভাবলেশহীন চকুৰে কেৱল চাই ৰৈছিল৷ তেওঁৰ চকু–মুখত কোনো অভিব্যক্তি প্রকাশ পোৱা নাছিল৷ অৱশেষত মঙলবাৰে পুৱা আঠ বাজি চল্লিছ মিনিটত এইগৰাকী প্রেমিক পুৰুষৰ মৃত্যু হয়৷ তেওঁৰ এই ইচ্ছামৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ বিৰাজ কৰিছে৷
নিয়মীয়া বার্তা, শোলমাৰা, ১১ মার্চ :