নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাপুৰত ৰাজ্যৰ প্ৰথমখন বিজ্ঞান নগৰী উদ্বোধন মুখ্যমন্ত্রী ড০ শৰ্মাৰ

ডিজিটেল ডেস্ক, ১১ মার্চ : গুৱাহাটী মহানগৰীৰ সোণাপুৰৰ টেপেচীয়াত নৱনির্মিত বিজ্ঞান নগৰী প্রকল্পটো মঙলবাৰে আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷

উদ্বোধনী ভাষণত তেওঁ কয় যে আজি আমাৰ বাবে অত্যন্ত আনন্দৰ দিন৷ অসমে আজি বিজ্ঞান আৰু প্রযুক্তিৰ ক্ষেত্রখনত অতি শক্তিশালী হিচাপে প্রৱেশ কৰিলে৷ আমি সকলোৱে জানো যে বহুদিনৰ আগতে গুৱাহাটীত এটা তৰাগৃহ স্থাপন কৰিছিল৷ আজিও অসমৰ ছাত্র–ছাত্রীসকলে গুৱাহাটীৰ তৰাগৃহ চাবলৈ যায় আৰু মহাকাশৰ অভিজ্ঞতা অর্জন কৰে৷ তাৰ লগতে ভাৰত চৰকাৰে গুৱাহাটীৰ খানাপাৰাত বহুদিন পূর্বে ছায়েঞ্চ মিউজিয়াম এটা নির্মাণ কৰিছিল৷ তাতো ৰাজ্যৰ ভিন্ন প্রান্তৰ ছাত্র–ছাত্রী গৈ বিজ্ঞানৰ অভিজ্ঞতা অর্জন কৰে৷ তাৰ পাছতে আমাৰ এটা পৰিকল্পনা আছিল যে কলকাতাৰ মিউজিয়ামৰ দৰে গুৱাহাটীতো তেনেদৰে এটা ছায়েঞ্চ মিউজিয়াম নির্মাণ কৰা হ’ব৷ কিন্তু তেতিয়া ৰাজ্যৰ আর্থিক অৱস্থাৰ বাবে তেনে বৃহৎ পৰিকল্পনা বাধাৰ প্রাচীৰ হৈ আছিল৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ চৰকাৰ যেতিয়া গঠন হ’ল, তেতিয়া ভাৰত চৰকাৰে আমাক ছায়েঞ্চ মিউজিয়াম নির্মাণৰ বাবে ১৪৪ কোটি টকা আগবঢ়ালে৷ সোণাপুৰৰ টেপেচীয়াত আমি বিজ্ঞান নগৰী স্থাপনৰ বাবে ২৫০ বিঘা মাটি পালোঁ৷ চাওঁতে চাওঁতে এটা সপোন আজি বাস্তৱত ৰূপায়িত হ’ল৷ প্রায় তিনিশ কোটি টকা খৰচ কৰি আজি আমাৰ যি বিজ্ঞান নগৰী নির্মাণ হৈ উঠিছে, ই এক আনন্দৰ বিষয়৷

তেওঁ কয়- কলকাতাৰ পৰিসৰতকৈ আমাৰ সোণাপুৰৰ এই বিজ্ঞান নগৰীৰ পৰিসৰ বহুত বেছি ৷ কলকাতাত ৪৫ একৰ আৰু আমাৰ ইয়াত ২৫০ বিঘা মাটিত ছায়েঞ্চ চিটী নির্মাণ কৰিলোঁ৷ ৰাজ্য চৰকাৰে আজিলৈকে যিমান প্রকল্পৰ কাম কৰিছে, সেইসমূহৰ ভিতৰত এইটো এটা অন্যতম৷ মই অসমৰ নৱপ্রজন্মৰ লগতে ছাত্র–ছাত্রীক অনুৰোধ কৰিম যে ছায়েঞ্চ চিটীলৈ আহক আৰু আমি বহু নজনা কথা জানিব পাৰিম আৰু বিশ্বব্রহ্মাণ্ডৰ বিষয়ে যাতে আমি জ্ঞান অর্জন কৰিব পাৰোঁ৷ আমি ছায়েঞ্চ চিটীত বহি মহাকাশৰ বহু নজনা কথাৰ বিষয়ে জানিব পাৰিম৷ ইমান ধুনীয়া ছায়েঞ্চ চিটী ভাৰততে নাই৷ এই ছায়েঞ্চ চিটীৰ লগত যাতে অসমৰ প্রতিখন স্কুলৰ ছাত্র–ছাত্রীৰ মাজত সংযোগ থাকে৷ তেতিয়াহ’লে জাতিৰ বাবে এটা চিন্তা কৰাৰ দৰে হ’ব৷ আমি ছায়েঞ্চ চিটী চাব লাগে, কাৰণ জাতিৰ নির্মাণ আন্দোলনৰ জৰিয়তে নহয়, জ্ঞান আৰু প্রজ্ঞাৰ জৰিয়তেহে জাতিৰ নির্মাণ হয়৷

You might also like