নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপিত আনুষ্ঠানিকভাবে যোগ দিলে সুশান্ত বৰগোহাঁয়ে

নিয়মীয়া বাৰ্তা, ১ আগষ্ট: দেওবাৰে বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰিলে থাওৰা সমষ্টিৰ কংগ্রেছ বিধায়ক সুশান্ত বৰগোহাঁয়ে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাকে ধৰি বিজেপি নেতৃত্বৰ উপস্থিতিত বিধায়ক বৰগোহাঁয়ে বিজেপিৰ সদস্য পদ গ্রহণ কৰে৷

কংগ্রেছ দলৰ পৰাই তেওঁ ৰাজনৈতিক পৰিচয় লাভ কৰিলে৷ কিন্তু সমষ্টিৰ বৃহত্তৰ ৰাইজৰ উন্নয়ন আৰু উন্নতিৰ স্বার্থত তেওঁ বিজেপিত যোগদানৰ সিদ্ধান্ত গ্রহণ কৰিবলৈ বাধ্য হয়৷

বিজেপিত যোগদানৰ পাছত আসন্ন থাওৰা সমষ্টিৰ উপ–নির্বাচনত তেওঁ দলীয় প্রার্থিত্ব বিচাৰিব বুলি উল্লেখ কৰি কয় যে যোৱা ১৫টা বছৰত সমষ্টিটোত স্থবিৰতা আহিছে৷ মাজতে ৫টা বছৰ তেওঁ সমষ্টিটোত বিধায়ক হৈছিল যদিও সেই সময়ত বিশেষ উন্নয়নমূলক কাম–কাজ নহ’ল৷ তেওঁ আৰু কয় যে বর্তমান বিধানসভাৰ অধ্যক্ষ লাইলাপুৰত আছে৷ গুৱাহাটীলৈ উভতি অহাৰ পাছতেই তেওঁ অধ্যক্ষক সাক্ষাৎ কৰি বিধায়ক পদ ত্যাগ কৰিব৷

You might also like