নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুলীয়াজানৰ সাংবাদিকলৈ মিডিয়া হিৰ’ৰ সন্মান ৰ’টাৰী ক্লাবৰ

 কুৰিৰো অধিক সংবাদকৰ্মীলৈ স্বীকৃতি 

নিয়মীয়া বাৰ্তা, ১ আগষ্ট:  ভয়াবহ ক’ৰোণা সংকটৰ সময়তো সমাজৰ বিভিন্ন স্তৰৰ বা-বাতৰি সঠিকমতে যোগান ধৰি নিজৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰি অহা গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ প্ৰতীক সংবাদমাধ্যমৰ কেইবাগৰাকী ন-পুৰণি কৰ্মীক আজি দুলীয়াজান ৰ’টাৰী ক্লাবে “মিডিয়া হিৰো” সন্মানেৰে সন্মানিত কৰে । এই উপলক্ষে যোৱা শনিবাৰে দুলীয়াজান ৰ’টাৰী কমিউনিটি চেন্টাৰত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত দুলীয়াজান সন্মিলিত সাংবাদিক মঞ্চ আৰু প্ৰেছ ক্লাব দুলীয়াজানৰ কুৰিগৰাকীৰো অধিক সংবাদকৰ্মীক সমাজৰ অক্লান্ত সৈনিক ৰূপে স্বীকৃতি প্ৰদানেৰে উক্ত সন্মান আগবঢ়াই।

ৰ’টাৰী ক্লাব দুলীয়াজানৰ নৱ-নিৰ্বাচিত সভাপতি সুনীল বৰগোহাঁইয়ে পৌৰহিত্য কৰা সভাখনতে দুলীয়াজানৰ জ্যেষ্ঠ সাংবাদিক কৰুণজ্যোতি শইকীয়া, আদিত্য গোস্বামী, জিতুল দত্ত, জয়ন্ত ভূঞা, ব্ৰজেন গগৈ, পবিত্ৰ বৰঠাকুৰ, প্ৰাঞ্জল শইকীয়া প্ৰমুখ্যে “নিয়মীয়া বাৰ্তা” দুলীয়াজানৰ সংবাদকৰ্মী কৃষ্ণা গগৈ, “নিউজ লাইভ”ৰ দুলীয়াজানৰ অৰিন্দম গগৈ সহ বৈদ্যুতিন মাধ্যম আৰু ছপা মাধ্যমৰ প্ৰায় কুৰিগৰাকীতকৈ অধিক সংবাদকৰ্মীক আজি উষ্ম সম্ভাষণ জ্ঞাপন কৰে ৰ’টাৰী ক্লাব দুলীয়াজানে ।

আনহাতে ৰজত কমল বঁটা প্ৰাপ্ত চলচ্চিত্ৰ পৰিচালক তথা ৰ’টাৰীয়ান যদুমণি দত্তই আঁত ধৰা সভাখনত আদৰণি ভাষণ আগবঢ়াই ক্লাবৰ নৱ নিৰ্বাচিত সম্পাদক সুকুংটা মনলাইয়ে। এই সভাতে ৰ’টাৰীয়ান তথা অইলৰ মুখপাত্ৰ ত্ৰিদিব হাজৰিকাই দৃশ্য- শ্ৰব্য মাধ্যমৰ জৰিয়তে আন্তৰ্জাতিক ৰ’টাৰী ক্লাবৰ জন্মলগ্ন কৰ্মৰাজি আৰু ইয়াৰ দৰ্শনৰ সন্দৰ্ভত বিস্তৃত আলোকপাত কৰা লগতে ৰ’টাৰী সমুদায় সেৱা, ৰ’টাৰী সদস্যৰ মাজত থকা পাৰস্পৰিক সম্পৰ্ক, আন্তঃৰাষ্ট্ৰীয় সেৱা ইত্যাদি ৰ’টাৰী ক্লাবৰ ভিন্ন দিশৰ ওপৰত সাৱলীল বক্তৃতা আগবঢ়াই । আনহাতে অতি সোনকালে দুলীয়াজান ৰ’টাৰী ক্লাবে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ সুবিধাৰ্থে চহৰখনত এটা আই বেংক মুকলি কৰা প্ৰস্তাৱৰ বিষয়েও অৱগত কৰে সভাত ।

ৰ’টাৰীৰ ইন্টাৰনেশ্যনেল ৩২৪০ ৰ জ’ন ১২ ৰ সহকাৰী গৱৰ্ণৰ সঞ্জীৱ কুমাৰ গগৈ বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা সভাখনত দুলীয়াজান ৰ’টাৰী ক্লাবৰ সদ্য প্ৰাক্তন সভাপতি ৰাজুমণি গগৈয়ে বিগত বৰ্ষত ক্লাবে গ্ৰহণ কৰা বিভিন্ন জনকল্যাণমূলক আঁচনিৰ সন্দৰ্ভত ব্যাখ্যা আগবঢ়াই। ইফালে ৰ’টাৰিয়ান ধ্ৰুৱজ্যোতি ভূঞাই কাৰিকৰীভাৱে সহযোগ আগবঢ়োৱা সভাখনত ৰ’টাৰীয়ান ক্ৰমে সিদ্ধাৰ্থ হাজৰিকা, পাৰ্থ হাজৰিকা, পূৰ্ণজ্যোতি ফুকন, ডাঃ অজয় কুমাৰ শৰ্মা, ডাঃ নিৰুজ কুমাৰ দাস, পল্লৱ প্ৰাণ দুৱাৰা, সন্তোষ গুপ্তা, লেইচাৰাম ইমৌচা, অমৃত সৰকাৰ, অনেশ দাস উপস্থিত থাকে।

You might also like