নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুশান্ত বৰগোহাঁইৰ মনোনয়ন পত্ৰ দাখিল, উপায়ুক্তৰ কাৰ্যালয়লৈ পদযাত্ৰাত সংগ দিলে মুখ্যমন্ত্ৰী ড০ শৰ্মাই

নিয়মীয়া বাৰ্তা, ৮ অক্টোবৰঃ ৩০ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া উপ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ আজি অন্তিমটো দিন। আজি অন্তিম দিনা শিৱসাগৰত উপস্থিত হৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিজেপি প্ৰাৰ্থী সুশান্ত বৰগোঁহাইৰ মনোনয়ন দাখিলত সংগ দিয়ে।

সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, “এই উপ নিৰ্বাচনত আটাইতকৈ আকর্ষণীয় প্রতিদ্বন্দ্বিতা হ’ব গোসাইগাঁও আৰু ভৱানীপুৰত। থাওৰা, মৰিয়ণি আৰু তামুলপুৰত কোনো প্রতিদ্বন্দ্বিতাৰ কথা নাই, আমাৰ একো অসুবিধা নাই।”

ইপিনে কংগ্ৰেছক সমালোচনা কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ কয়, “আমি ৰাইজৰ পক্ষত, কোনো ৰাজনৈতিক নেতাৰ পক্ষত নহয়। সুশান্ত বৰগোহাঁই আজি থাওৰাবাসীৰ লগত থিয় হৈছে, যাতে সমষ্টিটোৰ উন্নয়ন হয়। কংগ্ৰেছ বা আন যিসমূহ দল আছে, তেওঁলোকে থাওৰাসমষ্টিৰ স্বাৰ্থত সুশান্তক সহায় কৰিব লাগে। কিন্তু তেওঁলোকে সুশান্ত বা বিজেপিক হৰুৱাব গৈ থাওৰাৰ উন্নয়নক বিশ্বাস ঘাতকতা কৰিছে।”

উল্লেখ্য যে শুকুৰবাৰে শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত মনোনয়ন দাখিল কৰিবলৈ আহি শক্তি প্ৰদৰ্শন কৰিলে বিজেপি দলে। সুশান্ত বৰগোঁহাইৰ মনোনয়ন দাখিলত দেখা গ’ল বহুকেইগৰাকী জেষ্ঠ বিজেপি নেতাক৷ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেবিনেট মন্ত্ৰী যোগেন মহন, পীযূষ হাজৰিকা, সাংসদ তপন গগৈকে ধৰি বিজেপি দলৰ বহু উচ্চ পৰ্যায়ৰ নেতাই শুকুৰবাৰে শিৱসাগৰত ভিৰ কৰে৷ শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত মুখ্যমন্ত্ৰী শৰ্মাই এক জনসভাক সম্বোধন কৰি মনোনয়ন দাখিল কৰিবলৈ বিজেপি দলৰ প্ৰাৰ্থী গৰাকীক সংগ দিয়ে।

You might also like