নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অত্যাচাৰী পিতৃ মাহীমাকৰ বিৰুদ্ধে হাৰমতীত কন্যাৰ গোচৰ

নিয়মীয়া বাৰ্তা ৮ অক্টোবৰঃ লখিমপুৰ জিলাৰ হাৰমতী আৰক্ষী চকীৰ অন্তর্গত ৰঙাডি ৰিজার্ভৰ গোলাজুলিত বিগত কেইবা মাহৰো পৰা মাহীমাক আৰু পিতৃৰ শাৰীৰিক আৰু মানসিক অত্যাচাৰ সহাৰ পাছত অৱশেষত আইনৰ আশ্রয় ল’বলৈ বাধ্য হ’ল এগৰাকী সোতৰ বছৰীয়া কিশোৰী৷ ভুক্তভোগী কিশোৰীগৰাকীয়ে জানিবলৈ দিয়া মতে, দৈনিক মাহীমাকৰ অত্যাচাৰ, পিতৃৰ পৰা শাৰীৰিক নির্যাতন পোৱাৰ উপৰি মাহীমাকৰ দেউতাকেও তেওঁক অত্যাচাৰ কৰাৰ লগতে অৱশেষত অশ্লীল ইংগিত দিবলৈ আৰম্ভ কৰিলে৷

অৱশেষত কিশোৰীগৰাকী হাৰমতী আৰক্ষীৰ কাষ চাপিবলৈ বাধ্য হ’ল৷ ইতিমধ্যে কিশোৰীগৰাকীয়ে হাৰমতী আৰক্ষী চকীত গোলাজুলিৰ প্রফুল্ল দাস, মাহীমাক বন্তি দাস আৰু মাহীমাকৰ পিতৃ শৰৎ শইকীয়াৰ বিৰুদ্ধে গোচৰ তৰে ৷ ইতিমধ্যে হাৰমতী আৰক্ষীয়ে প্রফুল্ল দাস, মাহীমাক বন্তি দাস আৰু মাহীমাকৰ পিতৃ শৰৎ শইকীয়াৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে৷ ৩২৯/২১ নম্বৰত গোচৰ পঞ্জীয়ন কৰাৰ লগতে ভাৰতীয় দণ্ডবিধিৰ ৩৩৬, ৩০৭, ৩২৪, ৩৩৭, ৩৫৪এ, ৫১১ আৰু ৩৪ ধাৰাত শৰৎ শইকীয়াক জে’ললৈ প্রেৰণ কৰে৷ আনহাতে প্রফুল্ল দাস সম্প্রতি পলাতক হৈ আছে৷

You might also like