নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্ৰেছত মোক্ষম আঘাত! কংগ্ৰেছৰ অন্যতম প্ৰভাৱশালী নেত্ৰী সুস্মিতা দেৱৰ কংগ্ৰেছ ত্যাগ

নিয়মীয়া বাৰ্তা, ১৬ আগষ্টঃ কংগ্ৰেছত মোক্ষম আঘাত। প্ৰাক্তন সাংসদ তথা বৰাকৰ কংগ্ৰেছৰ অন্যতম প্ৰভাৱশালী নেত্ৰী সুস্মিতা দেৱৰ কংগ্ৰেছ ত্যাগ।

সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰীগৰাকীয়ে নিজৰ টুইটাৰত প্ৰাক্তন কংগ্ৰেছ সদস্য বুলি উল্লেখ কৰিছে।

জানিব পৰা মতে ইতিমধ্যে তেওঁ ছোনীয়া গান্ধীলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে। লগতে প্ৰভাৱশালী নেত্ৰীগৰাকীয়ে পৰৱৰ্তী সময়ত তৃণমূল কংগ্ৰেছত যোগদান কৰাৰ সম্ভাৱণা আছে।

বিশেষ সূত্ৰ অনুসৰি বৰ্তমান তেওঁ দিল্লীতে আছে যদিও শীঘ্ৰে দিল্লীৰ পৰা কলকাতালৈ আহি মমতা বেণাৰ্জী আৰু তৃণমূল কংগ্ৰেছৰ নেতৃত্বৰ সৈতে বৈঠকত মিলিত হ’ব।

অৱশ্যে এই পৰ্যন্ত প্ৰাক্তন সাংসদ তথা বৰাকৰ কংগ্ৰেছৰ অন্যতম প্ৰভাৱশালী নেত্ৰী সুস্মিতা দেৱৰ পৰৱৰ্তী ৰাজনৈতিক ভৱিষ্যৎ বা পদক্ষেপ কি হ’ব, তাক লৈ কোনো নিশ্চিত হোৱা নাই।

You might also like