🔹 ‘কংগ্রেছে এখন আসন পাবও পাৰে, নাপাবও পাৰে’
🔹 নির্বাচনী প্রস্তুতিক লৈ চিৰাঙত মুখ্যমন্ত্রীৰ পর্যালোচনা বৈঠক
নিয়মীয়া বাৰ্তা, ২৪ মাৰ্চ : কোকৰাঝাৰ লোকসভা সমষ্টিত ইউপিপিএল দলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী ২.৫ লাখ ভোটৰ ব্যৱধানত বিজয়ী হোৱাৰ লগতে বৰপেটা লোকসভা সমষ্টিত অগপ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী ৩ লাখ ভোটৰ ব্যৱধানত বিজয়ী হ’ব।- আজি চিৰাং জিলাৰ ঢালিগাঁৱত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে। ঢালিগাঁওস্থিত বঙাইগাঁও শোধনাগাৰ বিনোদন কেন্দ্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কোকৰাঝাৰ লোকসভা সমষ্টিৰ নিৰ্বাচনী পৰ্যালোচনা বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰী শৰ্মাই আৰু কয় যে বিজেপি আৰু মিত্ৰদলে এইবেলি লোকসভা নিৰ্বাচনত নৰেন্দ্ৰ মোদীক তৃতীয়বাৰ দেশৰ প্ৰধানমন্ত্ৰীৰ দায়িত্ব অৰ্পণৰ লক্ষ্য স্থিৰ কৰি যুঁজত অৱতীৰ্ণ হৈছে। তেওঁ কয়- টার্গেট থাৰ্টীন, কনফাৰ্ম ইলেভেন। অসমৰ ১৪খন আসনৰ ভিতৰত ১৩খনত বিজয়ী হোৱাৰ আশাৰে প্ৰচাৰ চলাব। ১১খনত বিজেপি আৰু মিত্ৰদলৰ বিজয় নিশ্চিত বুলি মুখ্যমন্ত্ৰী ড০ শৰ্মাই দৃঢ়তাৰে মন্তব্য কৰে । তেওঁ কয়- ধুবুৰী আসনখনত বিৰোধী বিজয়ী হোৱাৰ সম্ভাৱনা আছে। ধুবুৰীত আজমল আৰু ৰকিবুলৰ মাজত যুঁজ হ’ব। ধুবুৰীৰ চাৰিটা বিধানসভা সমষ্টিত আমি আগবাঢ়ি আছোঁ। লোকসভা নিৰ্বাচনত ১৪ আসনৰ ভিতৰত কংগ্ৰেছে এইবাৰ হয় এখন আসনত বিজয়ী হ’ব, নহ’লে আসন শূন্য হ’ব। ধুবুৰীত আজমল জিকিলে মৌলবাদীৰ দিশটোলৈ লক্ষ্য কৰি মন বেয়া লাগিব। আনফালে, ৰকিবুল জিকিলে কাজিৰঙাৰ ফালে চালে আৰু গঁড়কেইটাৰ কথা ভাবিলে মনত দুখ লাগিব। আজমল বিজয়ী হ’লে বেছি বেয়া লাগিব আৰু ৰকিবুল বিজয়ী হ’লে অলপ কমকৈ বেয়া লাগিব। মুখ্যমন্ত্ৰী শৰ্মাই কয়- কোকৰাঝাৰ লোকসভা সমষ্টিত শান্তিৰ পৰিৱেশ ঘূৰি অহালৈ লক্ষ্য ৰাখি পূৰ্বৰ নিৰ্বাচনসমূহৰ তুলনাত জয়ন্ত বসুমতাৰীয়ে এক লাখ ভোট অধিক লাভ কৰিব। গতিকে জয়ন্ত বসুমতাৰী ২.৫ লাখৰ ব্যৱধানত বিজয়ী হোৱাটো নিশ্চিত। নৱ কুমাৰ শৰণীয়াই এইবাৰ নিৰ্বাচন খেলিব বুলি মই শুনা নাই বুলিও মুখ্যমন্ত্ৰী ড০ শৰ্মাই মন্তব্য কৰে। তেওঁ লগতে কয় যে বৰ্তমান অসমখনক পৃথক কৰিব কোনেও বিচৰা নাই। নৱ শৰণীয়া কেনেকৈ জয়ী হ’ব বুলি ওলোটাই প্ৰশ্ন উত্থাপন কৰে। আনহাতে, গুৱাহাটী আইআইটিত সম্ভৱতঃ দুজন ISIS আছে বুলি উল্লেখ কৰাৰ লগতে তাৰে এজনক আটক কৰা হৈছে আৰু এজনক আটক কৰিবলৈ বাকী আছে বুলি তেওঁ কয়। সেইজনকো শীঘ্ৰে আটক কৰা হ’ব বুলি মন্তব্য কৰে। ঢালিগাঁৱৰ বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীগৰাকীয়ে পোনে পোনে অগপৰ জ্যেষ্ঠ নেতা তথা বৰপেটা লোকসভা সমষ্টিৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ বঙাইগাঁওস্থিত বাসগৃহলৈ ৰাওনা হয়।
প্ৰেৰক বিপুল কুমাৰ দাস