নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তৰুণ গগৈৰ দেহাৱসান; GMCH ত চিকিৎসাধীন অৱস্থাত গগৈৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ২৩ নৱেম্বৰঃ জীৱন নাটৰ যৱনিকা পেলালে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। আজি সন্ধিয়া ৫.৩৪ বজাত কংগ্ৰেছৰ দীৰ্ঘদিনৰ ৰাজনৈতিক সত্তা তথা অসমৰ ৰাজনৈতিক জগতৰ প্ৰবীণ পুৰুষ গগৈয়ে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে।

ক’ৰোনাত আক্ৰান্ত হোৱাৰ পিছৰে পৰা স্বাস্থ্যজনিত সমস্যাত ভুগি আছিল গগৈ। জিএমচিএইচত চিকিৎসাধীন গগৈৰ স্বাস্থ্য নিৰীক্ষণ কৰি আছিল এইমছৰ বিশেষজ্ঞ চিকিৎসকেও। কিন্তু সকলোখিনি প্ৰচেষ্টাক বিফল কৰি গগৈয়ে সম্বৰণ কৰে ইহলীলা।

যোৱা ২২ আগষ্টত ক’ভিড-১৯ পজিটিভ হয় তৰুণ গগৈ, প্ৰায় ২ মাহ হাস্পতালত থকাৰ অন্তত দুৰ্গাপূজাৰ মাজতে ৰিলিজ দিয়া হৈছিল গগৈক। কিন্তু স্বাস্থ্য পুনৰ বেয়া হোৱাত পূজাৰ ১০ দিনৰ পাছত জি এম চি এইচত ভৰ্তি কৰোৱা হয় প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক।

You might also like