নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৫ দিনে নিৰুদ্দেশ হৈ থকা চিলাপথাৰৰ উন্নত টায়েক অৰুণাচলৰ দুৰ্গম ঠাইত উদ্ধাৰ

নিয়মীয়া বাৰ্তা, ১১ অক্টোবৰ : যোৱা প্ৰায় ২৫ দিন ধৰি অৰুণাচল প্ৰদেশৰ টুটিঙৰ পৰা নিৰুদ্দেশ হৈ থকা চিলাপথাৰৰ উন্নত টায়েক উদ্ধাৰ কৰা হৈছে ৷ তুটিং আৰক্ষী-প্ৰশাসনৰ লগতে অৰুণাচলৰ টায়ে অপৗন কৗবাং আৰু জেৰাং ইৰাঙৰ লোকসকলে তীব্ৰ অনুসন্ধান অব্যাহত ৰাখিছিল উন্নত টায়েৰ৷

জানিব পৰা মতে, ধেমাজি জিলাৰ অন্তৰ্গত চিলাপথাৰ লক্ষীপুৰ গাঁৱৰ নিৱাসী উন্নত টায়ে নামৰ প্ৰায় ৪১ বছৰীয়া লোকজনে ছেপ্টেম্বৰত ১১গৰাকী সতীৰ্থৰ সৈতে কৰ্মসংস্থাপনৰ বাবে এগৰাকী অৰুণাচলী ঠিকাদাৰৰ অধীনত গৈছিল অৰুণাচল প্ৰদেশৰ তুটিঙলৈ৷ জানিব পৰা মতে, তুটিঙৰ পৰা Tengo 1 নামৰ ঠাইলৈ পৰ্টাৰ অৰ্থাৎ চিমেন্ট কঢ়িয়াই নিয়াৰ কামত নিয়োগ কৰিছিল অসমৰ ১২গৰাকী শ্ৰমিকক৷ অতি দুৰ্গম পাহাৰীয়া পথেৰে চিমেন্ট কঢ়িয়াই তিনি দিন খোজকাঢ়ি আপাৰ ছিয়াং জিলাৰ জৰ্জিঙৰ দিশে গৈ থকা অৱস্থাত নিৰুদ্দেশ হৈছিল উন্নত টায়ে৷ ধাৰাবাহিক অনুসন্ধানৰ পিছত এক দুৰ্গম স্থানৰ পৰা সংকটজনক অৱস্থাত উন্নত টায়েক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে তুটিং আৰক্ষী প্ৰশাসন তথা অৰুণাচলৰ টায়ে অপৗন কৗবাং আৰু জেৰাং ইৰাঙৰ লোকসকলে৷

উল্লেখ্য যে দুৰ্গম অঞ্চলৰ এটা শিবিৰত আৰক্ষী-প্ৰশাসনৰ লগতে চিকিৎসকৰ দলে উপস্থিত হৈ উন্নত টায়েক চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰে ৷ অৱশ্যে ইমান দিনৰ পিছত ক’ত কেনেকৈ উন্নত টায়েক উদ্ধাৰ কৰিবলৈ সক্ষম হ’লগৈ এই সন্দৰ্ভত এতিয়াও বিতং তথ্য লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷

প্ৰেৰক কৰবী দলে
You might also like