নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রথম পর্যায়ৰ ৪৪টা সমষ্টিত কংগ্রেছৰ প্রার্থী প্রক্ষেপৰ সম্ভাৱনা

নিয়মীয়া বাৰ্তা ৪ মাৰ্চঃ  সমাগত বিধানসভা নির্বাচনক লৈ মহাজোঁটৰ আসন বুজাবুজিৰ প্রক্রিয়া ইতিমধ্যে একপ্রকাৰ চূড়ান্ত হৈছে৷ কেৱল আনুষ্ঠানিক ঘোষণাহে বাকী আছে৷ সেই অনুসৰি প্রথম পর্যায়ত ভোটগ্রহণ হ’বলগীয়া ৪৭টা সমষ্টিৰ ভিতৰত ৪৪টাতেই কংগ্রেছে প্রার্থিত্ব আগবঢ়োৱাৰ পূর্ণ সম্ভাৱনা আছে৷ সেই অংক আগত ৰাখিয়েই কংগ্রেছে প্রার্থী বাছনিৰ প্রক্রিয়া আৰম্ভ কৰিছে৷ ইয়াৰ বিপৰীতে অংশীদাৰ দল এআইইউডিএফ, আঞ্চলিক গণ মর্চা আৰু চিপিআই (এমএল) দলক একোখনকৈ আসন এৰি দিয়াৰ বুজাবুজিত উপনীত হৈছে৷ এআইইউডিএফ দলে ধিং, ৰূপহী, বটদ্রৱা, নাওবৈচা সমষ্টি বিচাৰিছিল যদিও শেহতীয়া বুজাবুজি অনুসৰি ধিং সমষ্টিটো এৰি দিয়াত কংগ্রেছে সন্মতি প্রকাশ কৰিছে৷ এইক্ষেত্রত এআইইউডিএফ দলেও যথেষ্ট নমনীয় স্থিতি গ্রহণ কৰা বুলি সূত্রটোৱে প্রকাশ কৰে৷ অৱশ্যে নাওবৈচা সমষ্টিক লৈ এতিয়াও দুই দলৰ মাজত আলোচনা অব্যাহত আছে৷ আঞ্চলিক গণ মর্চাই বটদ্রৱা আৰু বোকাখাত সমষ্টি বিচাৰিছে৷ কংগ্রেছে এই দুটা সমষ্টিৰ ভিতৰত মাত্র এটা সমষ্টিহে তেওঁলোকক এৰি দিব৷ অৱশ্যে কোনটো সমষ্টি আঞ্চলিক গণ মর্চাক দিয়ে, সেয়া কাইলৈৰ ভিতৰতহে স্পষ্ট হ’ব৷ চিপিআই (এমএল) দলে বিহালী সমষ্টি বিচাৰিছে৷ বিহালী এৰি দিয়াত কংগ্রেছৰ বিশেষ আপত্তি নথকাত সমষ্টিতো চিপিআই (এমএল) দলে লাভ কৰাটো একপ্রকাৰ নিশ্চিত বুলিব পাৰি৷ সেইদৰে চিপিআই দলে শিৱসাগৰ সমষ্টি বিচাৰিছে যদিও কংগ্রেছে সমষ্টিটো এৰি দিব বিচৰা নাই৷ ইয়াৰ পৰিৱর্তে দ্বিতীয় অথবা তৃতীয় পর্যায়ত নির্বাচন হ’বলগীয়া সমষ্টিহে তেওঁলোকক দিয়াৰ প্রতিশ্রুতি দিছে৷

সূত্রটোৱে সদৰী কৰা অনুসৰি চিপিআই দলেও এইক্ষেত্রত কিছু নৰম হৈছে৷ আনহাতে চিপিআই (এম) আৰু বিপিএফ দলে প্রথম পর্যায়ৰ কোনো এটা সমষ্টি বিচৰা নাই৷ মুঠতে প্রথম পর্যায়ৰ ভোট গ্রহণ হ’বলগীয়া সমষ্টিৰ আসন বুজাবুজিৰ ক্ষেত্রত মহাজোঁটত বিশেষ প্রতিবন্ধকতা আহি পৰা নাই বুলিব পাৰি৷ এআইচিচিৰ সাধাৰণ সম্পাদক তথা প্রদেশ কংগ্রেছৰ তত্ত্বাৱধায়ক জিতেন্দ্র সিঙৰ ভাষ্যতো সেই ছবিখনেই পৰিষ্কাৰ হৈ পৰিছে৷ আজি গুৱাহাটীত সিঙে সাংবাদিকক জানিবলৈ দিয়া মতে, মহাজোঁটৰ আসন বুজাবুজিৰ বিষয়টোক লৈ বিশেষ জটিলতা নাই৷ কংগ্রেছৰ প্রার্থী বাছনিৰ সমান্তৰালভাৱে অংশীদাৰ দলসমূহৰ মাজতো আসন বুজাবুজিক লৈ আলোচনা চলি আছে৷ আসনক লৈ কোনো এটা দলৰে কোনো চর্ত নাই৷ মহাজোঁটৰ আন এক অংশীদাৰ দল এআইইউডিএফৰ সভাপতি বদৰুদ্দিন আজমলে প্রকাশ কৰা অনুসৰি কাইলৈ অথবা পৰহিলৈ অর্থাৎ ৫ মে’ত এআইইউডিএফে প্রথম পর্যায়ৰ নির্বাচনৰ প্রার্থী তালিকা প্রকাশ কৰিব৷ আজমলৰ মতেও আসন বুজাবুজি সঠিক দিশত সঠিকভাৱে আগবাঢ়ি আছে৷ বিজেপিক প্রতিহত কৰাৰ স্বার্থতে এৰা–ধৰাৰ মানসিকতাৰে তেওঁলোক সকলোৱে আসন বুজাবুজি কৰি আছে৷ অতি কমসংখ্যক আসনতহে এআইইউডিএফে প্রার্থিত্ব আগবঢ়াব৷ ইপিনে, নৱগঠিত ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদক বিজেপিৰ বি টীম আখ্যা দি আজমলে কয় যে বিৰোধীৰ ভোট বিভাজন ঘটাই বিজেপিক লাভান্বিত কৰাৰ বাবেই তেওঁলোকে কাম কৰি আহিছে৷

You might also like