নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৰুণাচল বিধানসভাত পেমা খাণ্ডুসহ পাঁচজনৰ বিনাপ্ৰতিদ্বন্দ্বিতাৰে জয়

বিশেষ বাৰ্তা, ২৮  মাৰ্চ : অৰুণাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচনত মুখ্যমন্ত্ৰী পেমা খাণ্ডুকে ধৰি বিজেপিৰ পাঁচগৰাকী প্ৰাৰ্থীয়ে বিনাপ্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰাটো নিশ্চিত হৈছে। ১৯ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া ৬০জনীয়া অৰুণাচল বিধানসভাৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনা বিজেপিৰ পেমা খাণ্ডু আৰু আন চাৰিজন প্ৰাৰ্থীৰ বিৰুদ্ধে কোনেও মনোনয়ন দাখিল নকৰাত আটাইকেইজনৰ বিনাপ্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে। অৱশ্যে ভাৰতীয় নিৰ্বাচন আয়োগে এতিয়াও পাঁচজন প্ৰাৰ্থীৰ জয়লাভৰ বিষয়ে আনুষ্ঠানিক ঘোষণা  কৰা নাই। অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে টাৱাং জিলাৰ মুক্তো বিধানসভা সমষ্টিৰ পৰা বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰাটো নিশ্চিত ৷ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে পূৰ্বে দুবাৰকৈ বিনাপ্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছিল। পিতৃ দৰ্জী খাণ্ডুৰ হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যুৰ পাছত ২০১১ চনৰ উপ-নিৰ্বাচনত আৰু ২০১৪ চনৰ সাধাৰণ নিৰ্বাচনত বিনাপ্ৰতিদ্বন্দ্বিতাৰে পেমা খাণ্ডু জয়ী হৈছিল। ২০১৯ চনৰ নিৰ্বাচনত বিজেপিৰ প্রার্থী হিচাপে পেমা খাণ্ডুুয়ে কংগ্রেছৰ থুপটেন কুনফেনক পৰাস্ত কৰিছিল৷ পাপুমপাৰেকে ধৰি কেইবাখনো গুৰুত্বপূৰ্ণ জিলাৰ সমষ্টিত বিৰোধী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল নকৰাত শাসকীয় বিজেপিৰ প্ৰাৰ্থীৰ জয়লাভৰ পথ প্ৰশস্ত হৈ পৰে ৷ পাপুমপাৰে জিলাৰ ছাগালী সমষ্টিত বিজেপিৰ প্ৰাৰ্থী ৰাটু টেচিৰ বিৰুদ্ধে কোনেও মনোনয়ন পত্ৰ দাখিল নকৰিলে। ছাগালীৰ সমষ্টিৰ পৰা বিগত ৩০ বছৰে বিধায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰা প্ৰাক্তন মুখ্যমন্ত্ৰী তথা অৰুণাচল প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি নাবাম টুকীয়ে এইবাৰ সংসদীয় নিৰ্বাচনত অৱতীৰ্ণ হোৱাত উক্ত সমষ্টিৰ পৰা কংগ্ৰেছে প্ৰাৰ্থী থিয় কৰাব নোৱাৰিলে ৷ নাবাম টুকীয়ে অৰুণাচল পশ্চিম লোকসভা সমষ্টিৰ পৰা মনোনয়ন দাখিল কৰিছে৷ কালি অন্তিম সময়সীমাৰ পূৰ্বে কোনো বিৰোধী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল নকৰাত নামনি সোৱণশিৰি জিলাৰ জিৰ’-হাপলি সমষ্টিৰ পৰা হাগে আপ্পা, ক্ৰা-দাদী জিলাৰ টালিৰ সমষ্টিৰ পৰা জিক্কে টাকো, উজনি সোৱণশিৰি জিলাৰ টালিহাৰ সমষ্টিৰ পৰা ন্যাটো ৰিগিআ ডুকম আৰু নামনি দিবাং ভেলী জিলাৰ ৰয়িং বিধানসভা সমষ্টিৰ পৰা মুটচু মিথিয়ে জয়লাভ কৰাটো নিশ্চিত হৈ পৰিছে। মুটচু মিথিয়ে ২০১৯  চনত বিধানসভা নিৰ্বাচনত এনপিপিৰ পৰা জয়লাভ কৰি ৰয়িঙৰ বিধায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ পাছত যোৱা ফেব্ৰুৱাৰীত বিজেপিত যোগদান কৰিছিল। অৰুণাচল প্ৰদেশৰ যুটীয়া মুখ্য নিৰ্বাচনী আয়ুক্ত লিকেন ক’য়ুৱে প্ৰকাশ কৰে যে পাঁচটা বিধানসভা সমষ্টিত আমি মাত্ৰ এজনকৈ প্ৰাৰ্থীৰ মনোনয়ন লাভ কৰিছো। মনোনয়ন প্ৰত্যাহাৰৰ শেষ তাৰিখ ৩০ মাৰ্চৰ পিছত এই ফলাফল আনুষ্ঠানিকভাবে ঘোষণা কৰা হ’ব ৷
প্ৰেৰক সমীন শইকীয়া
You might also like