🔹 স্বামী কেৰালাত থকা লক্ষীমাইৰ বিৰুদ্ধে তৰিলে গোচৰ
নিয়মীয়া বাৰ্তা, ১৩ জুলাই : ঢকুৱাখনা সম-জিলাৰ সোণাৰি চাপৰি আৰক্ষী চকীৰ অন্তৰ্গত ভাটি জালভাৰী গাঁৱৰ বিচিত্ৰ শইকীয়া আৰু ৰূপজ্যোতি শইকীয়াৰ দ্বিতীয় কন্যা জোন শইকীয়া (১১)ক নিজ গাঁৱৰে গিৰীশ কোঁৱৰ আৰু জানেকী কোঁৱৰৰ কন্যা লক্ষীমাই কোঁৱৰে দুদিন পুৰ্বে ফুৰিবলৈ নি অপহৰণ কৰা বুলি সোণাৰি আৰক্ষী চকীত গোচৰ তৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ঘটনাৰ বিৱৰণী মতে, ভাটি জালভাৰী গাঁৱৰ গিৰীশ কোঁৱৰৰ কন্যা লক্ষীমাই কোঁৱৰক ধেমাজিৰ হাতীপৰা গাঁৱলৈ বিয়া দিয়া হয় যদিও লক্ষীমাইৰ স্বামী কেৰালাত থকাত যোৱা এটা বছৰে লক্ষীমায়ে ৫ বছৰীয়া পুত্ৰ সন্তানক লৈ ভাটি জালভাৰীৰ পিতৃগৃহত থাকে আৰু ১১ জুলাইত স্বামীৰ ঘৰৰ পৰা পুত্ৰৰ এখন প্ৰমাণ-পত্ৰ আনিবলৈ বুলি প্ৰতিবেশী বিচিত্ৰ শইকীয়াৰ কন্যা জোন শইকীয়াক কৌশলেৰে লগত লৈ যায় ৷ কিন্তু এটা ৰাতি থাকি ঘূৰি অহাৰ কথা গৈ পিতৃগৃহৰ পৰা ওলাই যোৱা লক্ষীমায়ে স্বামীগৃহত উপস্থিত নহৈ কোনো অজ্ঞাত স্থানত আশ্ৰয় লয় আৰু মোবাইল ফোন বন্ধ কৰি ৰাখিছে ৷
লক্ষণীয়ভাৱে গিৰীশ কোঁৱৰে ঘৰৰ পৰা ওলাই যোৱা কন্যাৰ লগত কোনো যোগাযোগ কৰিব নোৱাৰি ১২ জুলাইত ঢকুৱাখনা সদৰ থানাত কন্যা, নাতি আৰু জোন শইকীয়া নামৰ কিশোৰীগৰাকী নিৰুদ্দেশ হোৱা বুলি এজাহৰ দাখিল কৰাৰ পিছতে বিচিত্ৰ শইকীয়াৰ পৰিয়ালত হুৱাদুৱা লাগে ৷ আনফলে বিচিত্ৰ শইকীয়াৰ পত্নীয়ে বহুবাৰ ফোন কৰাৰ পিছতো লক্ষীমাই কোঁৱৰৰ লগত কোনোধৰণৰ যোগাযোগ কৰিব নোৱাৰিলে যদিও ১২ জুলাইৰ দুপৰীয়া ১ বজাত জোন শইকীয়াই ৮৮১১০৫৭৯৪৪ নম্বৰৰ মোবাইল ফোনৰ পৰা ৮০১১২১১৮৭৭ নম্বৰ মোবাইলত মাকলৈ ফোন কৰে যদিও বিশেষ কথা পতাৰ সুযোগ নাপালে ৷ পিছত পুনৰ সন্ধিয়া ৬.৩৭ বজাত জোন শইকীয়াই ফোন কৰি মাকক ধেমাজিৰ শান্তিপুৰত থকাৰ কথা কয় যদিও পিছমুহূৰ্ততে ফোন বন্ধ হৈ পৰাৰ পিছৰে পৰা যোগাযোগ কৰিব পৰা নাই ৷ ঘটনা সন্দৰ্ভত আজি জোন শইকীয়াৰ পিতৃ বিচিত্ৰ শইকীয়াই লক্ষীমাই কোঁৱৰ, গিৰীশ কোঁৱৰ আৰু জানেকী কোঁৱৰৰ বিৰুদ্ধে সোণাৰি চাপৰি আৰক্ষীক গোচৰ দিয়াত সোণাৰি চাপৰি আৰু ঢকুৱাখনা সদৰ থানাৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও বাতৰি লিখা সময়লৈকে কোনোধৰণৰ সম্ভেদ লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷ কোনো লোকে মহিলাগৰাকী বা কিশোৰীগৰাকীৰ কিবা সম্ভেদ পালে ৮০১১২১১৮৭৭ নম্বৰত বা ওচৰৰ থানাত খবৰ দিবলৈ অনুৰোধ জনাইছে পৰিয়াল দুটাই ৷
প্ৰেৰক ৰাজেশ কুমাৰ বুঢ়াগোহাঞি