নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নেপাল হৈ ভাৰতত আক্রমণ চলাব পাক সন্ত্রাসবাদী সংগঠনে !

🔹 নেপালৰ শীর্ষ বিষয়াৰ তাৎপর্যপূর্ণ মন্তব্য

নিউজ ডেস্ক, ১৩ জুলাই : পাকিস্তানস্থিত নিষিদ্ধ সন্ত্রাসবাদী সংগঠন লস্কৰ–ই–তৈবা (এলইটি) আৰু জঈছ–ই–মহম্মদ (জেইএম)–এ নেপাল হৈ ভাৰতত প্রৱেশ কৰি আক্রমণ কৰিব পাৰে বুলি নেপালৰ শীর্ষ বিষয়া এগৰাকীয়ে সতর্কবাণী দিছে৷ নেপালৰ ৰাষ্ট্রপতি উপদেষ্টা সুনীল বাহাদুৰ  থাপ্পাই কাঠমাণ্ডুত নেপাল ইনষ্টিটিউট ফৰ ইণ্টাৰনেচনেল কো–অপাৰেচন এণ্ড এংগেজমেণ্ট (এনআইআইচিই)–এ আয়োজন কৰা উচ্চ পর্যায়ৰ আলোচনা–চক্রত এলইটি আৰু জেইএমে নেপাল হৈ ভাৰতত কূটাঘাতমূলক কার্য সংঘটিত কৰিব পাৰে বুলি মন্তব্য কৰে৷

দক্ষিণ এছিয়াৰ সন্ত্রাসবাদৰ বিষয়টোক লৈ আঞ্চলিক বিশেষজ্ঞ আৰু নীতি নির্ধাৰকৰ সন্মিলিত এই আলোচনা–চক্রত ভাৰতত পাকিস্তানী সন্ত্রাসবাদীৰ আক্রমণৰ বিষয়টোৱে প্রাধান্য লাভ কৰে৷ উল্লেখ্য যে জম্মু–কাশ্মীৰৰ পেহেলগামত পাক সন্ত্রাসবাদীয়ে চলোৱা নৰসংহাৰৰ প্রত্যাঘাত হিচাপে ভাৰতে চলোৱা অপাৰেচন সিন্দূৰত পাকিস্তানস্থিত জেইএম আৰু এলইটিৰ শিবিৰ ধ্বংস কৰাৰ পাছতো সংগঠনকেইটাই পুনৰ মূৰ দাঙি উঠাৰ তথ্যক লৈ ইতিমধ্যে সংবাদ মাধ্যমত ব্যাপক চর্চা চলিছে৷ এনে সময়তে নেপালৰ শীর্ষ বিষয়াই কৰা এই মন্তব্য তাৎপর্যপূর্ণ৷

You might also like