নিয়মীয়া বাৰ্তা, ৰূপহীহাট, ৯ এপ্রিল : চামগুৰিৰ ৰূপহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি ভোটগ্ৰহণ কেন্দ্ৰত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। চামগুৰিৰ ৰূপহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্রত দুই ফৈদৰ মাজত তয়াময়া ৰণ লাগে। দুই ফৈদ মুকলিকৈ লিপ্ত হয় প্ৰচণ্ড মাৰপিটত।
বহিঃৰাজ্য কেৰালাত কাম কৰিবলৈ দুয়োপক্ষৰ মাজত হৈছিল ধনৰ লেনদেনৰ বাবে কাজিয়া।কাজিয়া হোৱাত এটা ফৈদ কেৰালাৰ পৰা গুচি আহিছিল। আজি ভোট দিবলৈ আহি দুয়োপক্ষ মুখামুখি হোৱাত লিপ্ত হয় মাৰপিটত। কেন্দ্রটোত নিয়োজিত প্ৰশাসনৰ লোক উপস্থিত হোৱাত ভোটগ্ৰহণ কেন্দ্ৰৰ পৰা পলায়ন কৰে দুয়োপক্ষৰ লোক।