সমগ্র ৰাজ্যতে আজি ৰাইজে পূৱাৰ পৰা ভোট দান কৰিছে। ভোটাৰ ৰাইজে নিজৰ পচন্দৰ প্ৰাৰ্থী জনক ইভিএমৰ জৰিয়তে আশীর্বাদ প্ৰদান কৰিছে। এনে পৰিবেশত লখিমপুৰত দেখা গল এক ব্যতিক্রমী দৃশ্য পট।
ভোট কেন্দ্রত ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ নহয়। জুবিন গাৰ্গৰ ন্যায় বিচাৰি প্ৰতিবাদ কৰিলে একাংশ নৱ প্ৰজন্মই। সমগ্ৰ ৰাজ্যতে ভোট গ্ৰহণ চলি থকা সময়ত লখিমপুৰ নগৰৰ সমীপৰ মৈদমীয়াস্থিত নকাড়ী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভোট কেন্দ্রৰ সন্মুখত জুবিন গাৰ্গৰ ন্যায় বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰে একাংশ জুবিন অনুৰাগীয়ে।
কেইবাজনো যুৱকে বেনাৰত #Justice For Zudeen Garg লিখি ভোট কেন্দ্র সন্মুখত কৰে এই প্ৰতিবাদ। তেওঁলোকে কান্দি কাটি জুবিন গাৰ্গৰ ন্যায় দাবী কৰে। তেওঁলোকে কয় আমাক জুবিন গাৰ্গৰ ন্যায় লাগে। চৰকাৰ কোন হয় আমাক সেয়া নালাগে।
আমাক লাগে কেৱল জুবিন গাৰ্গৰ ন্যায়। এইখন চৰকাৰে জুবিন গাৰ্গৰ ন্যায় দিম বুলি কৈছিল। কিন্তু ৬/৭ মাহ হৈ গল। আজিলৈকে চৰকাৰে জুবিন গাৰ্গৰ ন্যায় নিদিলে। আমি নতুন প্ৰজন্ম। আমি ইচ্ছা কৰিলে দেশ গঢিবও পাৰো খহাবও পাৰো। মুঠতে আমাক ন্যায় লাগে।
উল্লেখ্য যে কিছু সময় এনে পৰিবেশ বিৰাজ কৰাৰ পাছত লখিমপুৰ সদৰ আৰক্ষী উপস্থিত হৈ প্ৰতিবাদকাৰীসকলক ভোট কেন্দ্ৰৰ ১০০ মিটাৰ ভিতৰত এই ধৰণৰ কাৰ্যসূচী লবলৈ বাধা প্ৰদান কৰাত তেওঁলোকে সেই স্থান ত্যাগ কৰে। তেওঁলোকে ভোট বৰ্জন কৰিম বুলিও কৈ যায়। প্ৰতিবাদকাৰীসকলৰ দাবী যে চৰকাৰ যিয়ে নহওক লাগে, তেওঁলোকে কেৱল জুবিনৰ ন্যায় পোৱাটো বিছাৰে।
বিশেষ বাৰ্তা, লখিমপুৰ, ৯ এপ্রিল