বিহাৰত মুখ্যমন্ত্ৰী পদৰ দৌৰত ৮জন প্ৰতিদ্বন্দ্বী, কাৰ ফুলিব কপাল
বিহাৰৰ নতুন চৰকাৰ গঠনক লৈ ৰাজনৈতিক উৎপাত ধীৰে ধীৰে তীব্ৰ হৈ উঠিছে। মুখ্যমন্ত্ৰী নীতিশ কুমাৰ বৰ্তমান দিল্লী উপস্থিত আৰু কাইলৈ (১০ এপ্ৰিল) ৰাজ্যসভাত শপত গ্ৰহণ কৰিব।
ইয়াৰ মাজততে বিজেপি পক্ষৰ পৰা মুখ্যমন্ত্ৰী পদৰ দৌৰত প্ৰধানকৈ ৮টা নাম আগবঢ়োৱা হৈছে। সূত্র অনুসৰি, সম্ৰাট চৌধৰী, সন্দীৱ চৌৰাচীয়া, ৰমা নিচাদ, বিজয় সিনহা আৰু জনক ৰামৰ নাম দৌৰত আছে। ইয়াৰ উপৰি বিজয় কুমাৰ সিনহা, নিত্যানন্দ ৰায় আৰু দিলীপ জয়ছোৱালৰ নামো মুখ্যমন্ত্ৰী পদৰ বাবে আলোচনা হৈ আছে।
সূত্র অনুসৰি, নীতিশ কুমাৰ ১৪ এপ্ৰিলত মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব পাৰে। এই মাজতে পাটনাত সম্ৰাট চৌধৰীক মুখ্যমন্ত্ৰী বনোৱাৰ দাবী থকা পোষ্টাৰবোৰ লগোৱা হৈছে। এই পোষ্টাৰসমূহ বাল্মীকি সমাজৰ পক্ষৰ পৰা লাগোৱা হৈছে। পাছত সম্ৰাট চৌধৰীৰ পোষ্টাৰবোৰ আঁতৰোৱা হৈছে। সূত্রৰ দাবী অনুসৰি, বিহাৰৰ নতুন মুখ্যমন্ত্ৰী বিজেপিৰ হ’ব পাৰে।
ডিজিটেল ডেস্ক, ৯ এপ্ৰিল