নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোলাঘাটৰ টেনপুৰত নিশা ভয়ংকৰ দুৰ্ঘটনা, এজনৰ প্ৰাণহানি

ডিজিটেল ডেস্ক, ২৩ নৱেম্বৰ : নিশা গোলাঘাটৰ টেনপুৰত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। সুৰাপায়ী গাড়ীচালকৰ খুন্দাত মৃত্যু হয় পথচাৰী যুৱকৰ। AS-04AB-1250 নম্বৰৰ Tata Nexon বাহনখন অতিমাত্ৰা সুৰাপান কৰি চলাই আহিছিল ৰাহুল গগৈ নামৰ যুৱকজনে।

টেনপুৰ নামঘৰৰ চাৰিআলিত নিয়ন্ত্ৰণ হেৰুৱাই চালক ৰাহুল গগৈয়ে প্ৰথমে হাফিজ আলী নামৰ যুৱকজনক মহটিয়াই নি কাষতে থকা এটা বিদ্যুতৰ খুঁটাত খুন্দা মাৰে। মাছৰ ব্যৱসায়ৰ সৈতে জড়িত হাফিজ আলীয়ে ব্যৱসায় শেষ কৰি ঘৰলৈ উভতি আহিছিল। ঘটনাত থিতাতে নিহত হয় হাফিজ। ঘটনাস্থলীত স্থানীয় ৰাইজে উপস্থিত হৈ সুৰাপায়ী ৰাহুল গগৈক উদ্ধাৰ কৰি আৰক্ষীক খবৰ দিয়াত গোলাঘাট আৰক্ষী উপস্থিত হৈ চালকসহ বাহনখন জব্দ কৰাৰ লগতে আৰম্ভ কৰে ঘটনাৰ তদন্ত। সুৰাপায়ী ৰাহুলৰ ওপৰত ক্ষুব্ধ হৈ পৰা ৰাইজৰ ওচৰৰ পৰা কথমপি আৰক্ষীয়ে উদ্ধাৰ কৰে ৰাহুলক।

You might also like