নৌসেনাৰ গোপন তথ্য পাকিস্তানলৈ সৰবৰাহ কৰি গ্রেপ্তাৰ দুই…
নিউজ ডেস্ক, ২৩ নৱেম্বৰ : ভাৰতৰ যুদ্ধ জাহাজ তথা নৌসেনাৰ গোপন তথ্য পাকিস্তানলৈ সৰবৰাহৰ অভিযোগত গ্রেপ্তাৰ কৰা হৈছে দুই যুৱকক৷ কর্ণাটকৰ উডুপিৰ পৰা গ্রেপ্তাৰ কৰা হৈছে এই যুৱকদ্বয়ক৷ আৰক্ষীৰ হাতত ধৃত এই যুৱক দুগৰাকী ক্রমে ৰোহিত (২৯) আৰু সানত্রি (৩৭) বুলি জানিব পৰা গৈছে৷ দুয়োগৰাকী যুৱকেই উত্তৰ প্রদেশৰ চুলতানপুৰৰ বাসিন্দা বুলি আৰক্ষীৰ সূত্রত প্রকাশ৷
আৰক্ষী সূত্রৰ খবৰ মতে, কেৰালাৰ কোচিন শ্বিপয়ার্ড লিমিটেডত কর্মৰত আছিল ৰোহিত৷ তাৰ পিছত তেওঁ সেই কাম এৰি বর্তমান কর্ণাটকৰ এটা জাহাজ সংস্থাত কর্মৰত হৈ আছে৷ অভিযোগ মতে, কেৰালাত থকা সময়ছোৱাত তেওঁ কোচিন শ্বিপয়ার্ড তথা ভাৰতীয় নৌসেনাৰ গোপন তথ্য হোৱাটছএপৰ জৰিয়তে পাকিস্তানলৈ সৰবৰাহ কৰে৷ আনকি বর্তমান তেওঁ কর্ণাটকত থকা সময়ছোৱাতো সেই কাম অব্যাহত ৰাখিছে৷ তেওঁৰ এই কার্যকলাপ প্রথমে নজৰলৈ আহে উডুপি কোচিন শ্বিপয়ার্ডৰ মুখ্য কার্যবাহী বিষয়াৰ৷ তাৰ পিছতেই তেওঁ আৰক্ষীৰ দ্বাৰস্থ হোৱাত তেওঁৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে গ্রেপ্তাৰ কৰে ৰোহিতক৷
উল্লেখযোগ্য যে কেৱল পাকিস্তানৰ ফালৰ পৰাই নহয়, ভাৰতৰো একাংশ লোকে পাকিস্তানৰ সৈতে হলি–গলি কৰি ভাৰতৰ বিভিন্ন তথ্য চুবুৰীয়া দেশখনলৈ সৰবৰাহ কৰাৰ যি অভিযোগ দীর্ঘদিন ধৰি উত্থাপন হৈ আহিছে, তাৰ ভিত্তিত অভিযান চলাই আৰক্ষীয়ে লাভ কৰা সফলতাসমূহৰ ভিতৰত ইও এক সফলতা হিচাপে বিবেচিত হৈছে৷