নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বজালীত তিনিটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত এক, কেইবাগৰাকীও আহত

নিয়মীয়া বাৰ্তা, ৮ ডিচেম্বৰঃ আজি বজালীৰ তিনিটা পৃথক পৃথক স্থানত সংঘটিত তিনিটাকৈ দুৰ্ঘটনাত এজন ব্যক্তি থিতাতে নিহত হোৱাৰ লগতে আন কেইবাজনো গুৰুতৰভাৱে আহত হয়৷ প্ৰথমটো দুৰ্ঘটনা সমঘটিত হয় বজালী জিলা সদৰ পাঠশালাৰ পৰা ভাৰত ভূটান সংযোগী ১২৭নং ৰাষ্ট্ৰীয় ঘাইপথত, য’ত এগৰাকী ব্যক্তি থিতাতে নিহত হয়৷ ঘটনা সন্দৰ্ভত জানিব পৰা মতে ১২৭নং ৰাষ্ট্ৰীয় ঘাইপথ বজালীৰ বামাখাটাত AS 01 EA 3209 নম্বৰৰ হুণ্ডাই i20 ACTIVE বাহন অখনৰ লগত মুখামুখি সংঘৰ্ষ হয় AR 18 2475 নম্বৰৰ এখন মটৰচাইকেলৰ৷ যাৰ ফলত থিতাতে নিহত হয় মটৰচাইকেল আৰোহীজন৷ এই দুৰ্ঘটনাৰ ফলত দুয়োখন বাহনৰে সমুখভাগ বিধ্বস্ত হৈ পৰে৷ দুৰ্ঘটনাটোত নিহত ব্যক্তিগৰাকী বজালীৰ দৈশিঙৰী গাঁৱৰ পেচাত পুৰোহিত জ্যোতিষ শৰ্মা আৰু চাৰিচকীয়া বাহনখনৰ গৰাকী পাঠশালাৰ জেষ্ঠ্য চিকিৎসক ডাঃ কংকন শৰ্মা বুলি জানিব পৰা গৈছে৷ ঘটনা সংঘটিত হোৱাৰ পাছতে ঘটনাস্থলীত পাঠশালা আৰক্ষী উপস্থিত হয়৷ আনহাতে বজালীৰ কঁহৰাতো পুৱাৰ ভাগত সংঘটিত হয় আন এক ভয়াবহ পথ দুৰ্ঘটনা৷ ২৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ কহঁৰাত গুৱাহাটী অভিমুখী ৰৈ থকা এখন যাত্ৰীবাহী বাছত পিছপিনৰ পৰা খুন্দা মাৰে আন এখন চলন্ত বাছে, যাৰ ফলত বাছখনত থকা কেবাগৰাকীও যাত্ৰী গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হয়৷ আঘাতপ্ৰাপ্ত যাত্ৰীকেইগৰাকীক ততাতৈয়াকৈ ভৱানীপুৰ আৰু পাঠশালা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়৷ ইয়াৰে এগৰাকী যুৱতীক সংকটজনক অৱস্থাত GMCHলৈ প্ৰেৰণ কৰা হয়৷ ইপিনে বজালীৰ চাউলাবড়ীত সংঘটিত হয় তৃতীয়টো দূৰ্ঘটনা৷ জানিব পৰা মতে AS 15 AC 3458 নম্বৰৰ তীব্ৰ বেগী ডাম্পাৰ এখনে নিয়ন্ত্ৰণ হেৰুৱাই মহতিয়াই নিয়ে পথৰ কাষত ৰাখি থোৱা দৰা যাত্ৰীৰ দুখন বাছ৷ যাৰ ফলত বাছখনত থকা কেবাগৰাকীও যাত্ৰী আঘাতপ্ৰাপ্ত হয়৷ আহত যাত্ৰীসকলক ভৱানীপুৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে। ঘটনা সংঘটিত কৰিয়ে ডাম্পাৰখনৰ চালকে ঘটনাস্থলীৰ পৰা পলায়ন কৰে৷ ইয়াৰ পাছতে ঘটনাস্থলীত সৰুপেটা আৰক্ষী উপস্থিত হৈ সমগ্ৰ পৰিস্থিতিৰ বুজ লয়।

প্ৰেৰক কল্যাণ কলিতা

You might also like