নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ মুখ্য কাৰ্যালয় “যোগদা ভৱন” উদ্বোধন

বিশেষ বাৰ্তা, ৮ ডিচেম্বৰঃ অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ মুখ্য কাৰ্যালয় “যোগদা ভৱন” উদ্বোধন আজি গুৱাহাটীত উদ্বোধন কৰা হয়। গুৱাহাটীৰ ৰুক্মিণী নগৰৰ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ পথত আনুষ্ঠানিকভাৱে ভৱনটো উদ্বোধন কৰে বিশিষ্ট ইতিহাসবিদ, খ্যাতিমান শিক্ষাবিদ আৰু অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ সুনীল পৱন বৰুৱাই। গৃহটোৰ স্বত্বাধিকাৰী কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈৰ নাতিনী কণিকা বৰদলৈয়ে অসম জ্যেষ্ঠ নাগৰিক সন্মিলনলৈ মহানুভৱতাৰে দান কৰা গৃহটোত অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ মুখ্য কাৰ্যালয় হিচাপে উদ্বোধন কৰি ড০ বৰুৱাই কয় যে অভিজ্ঞ মানুহেৰে সমৃদ্ধ জ্যেষ্ঠ নাগৰিক সন্মিলনে মূল্যবোধৰ দৃঢ়তাৰে সমাজ জীৱনক আগুৱাই নিয়াৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ প্ৰধান সম্পাদক বানেশ্বৰ খাউণ্ডে আঁত ধৰা অনুষ্ঠানত উদ্বোধনী কাৰ্যালয়ৰ ফিতা কাটি ড০ বৰুৱাই দান কৰ্তাৰ মহানতা, নিষ্ঠা আৰু ত্যাগৰ ওপৰত মনোজ্ঞ বক্তব্য ৰাখে। অনুষ্ঠানত “কৃতজ্ঞতাৰ শৰাই” শীৰ্ষক ৰসাল ভাষাৰে ৰচিত কৃতজ্ঞতাৰ স্মাৰকখন পাঠ কৰে বানেশ্বৰ খাউণ্ডে। খাউণ্ডে কাৰ্যালয়টো দাতা কণিকা বৰদলৈৰ প্ৰয়াত স্বামী উদ্ধৱ কৃষ্ণ বৰদলৈৰ স্মৃতিত  নামকৰণ কৰা হ’ব বুলি কয়। গুৱাহাটীৰ বিভিন্ন শাখাৰ লগতে স্থানীয় বিশিষ্ট জ্যেষ্ঠ নাগৰিকৰ সমাৱেশত প্ৰায় নব্বৈ বছৰীয়া জ্যেষ্ঠ নাগৰিক কণিকা বৰদলৈক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনায় অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ নৱনিৰ্বাচিত প্ৰধান সম্পাদক প্ৰসন্ন কুমাৰ বৰঠাকুৰে। স্মাৰক “কৃতজ্ঞতাৰ শৰাই” শীৰ্ষক স্মাৰকখন কণিকা বৰদলৈক প্ৰদান কৰে অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ প্ৰাক্তন সভাপতি ড০ মনোৰঞ্জন শৰ্মাই। উদ্বোধনী অনুষ্ঠানৰ আগে আগে আয়তীসকলে নাম প্ৰসংগ কৰে। অনুষ্ঠানত অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ প্ৰতিষ্ঠা কালৰ খনিকৰ বিশিষ্ট সাংবাদিক ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী, জিতেন্দ্ৰ কুমাৰ চৌধুৰী, শ্যামল কুমাৰ বৰুৱা, লিপিকা চাংকাকতী, প্ৰদীপ ৰঞ্জন সন্দিকৈ, চিৰঞ্জীৱ বৰুৱাকে ধৰি বিশিষ্ট জ্যেষ্ঠ নাগৰিকসকলে অংশগ্ৰহণ কৰে।

You might also like