নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হিমাচলত কংগ্রেছৰ বিজয় : ৬৮ আসনৰ ভিতৰত কংগ্রেছৰ ৪০, বিজেপিৰ ২৫

বিশেষ বাৰ্তা, ৮ ডিচেম্বৰঃ হিমাচল প্রদেশ দখল কৰিলে কংগ্রেছে৷ আজি ঘোষিত ফলাফলত কংগ্রেছে ৰাজ্যখনৰ শাসন নিজৰ হাতলৈ আনিলে৷ ভোটগণনা আৰম্ভ হোৱাৰ পাছতেই শাসকীয় বিজেপি আৰু বিৰোধী কংগ্রেছৰ মাজত তীব্র প্রতিদ্বন্দ্বিতা আৰম্ভ হয়৷ ৬৮জনীয়া বিধানসভাত দুয়োটা দলে এটাই এবাৰ চৰকাৰ গঠনৰ মেজিক সংখ্যা অতিক্রম কৰিবলৈ সক্ষম হয়৷ ক্ষন্তেক পিছতেই আন এটা দলে মেজিক সংখ্যা অতিক্রম কৰে৷ অর্থাৎ দিনটোৰ ৩–৪ ঘণ্টা বিজেপি আৰু কংগ্রেছৰ মাজত সংখ্যাগৰিষ্ঠতা লাভৰ আসনক লৈ প্রতিদ্বন্দ্বিতা চলি থকাৰ পাছত দিনৰ ১ বজাৰ পৰাই পৰিস্থিতিয়ে কংগ্রেছৰ ফালে আগবাঢ়ে৷ ৬৮জনীয়া বিধানসভাত শাসকীয় বিজেপিক অতিক্রম কৰি কংগ্রেছে চৰকাৰ গঠনৰ মেজিক সংখ্যা অতিক্রম কৰিবলৈ সক্ষম হয় আৰু ই লাহে লাহে চূড়ান্ত ফলাফলত পৰিণত হয়৷ নির্বাচন আয়োগৰ তথ্য অনুসৰি ৬৮খন আসনৰ ভিতৰত কংগ্রেছে ৪০খন আসনত জয়লাভ কৰি হিমাচল প্রদেশত চৰকাৰ গঠন কৰাটো নিশ্চিত হয়৷  গুৰুত্বপূর্ণ যে দিল্লী আৰু পাঞ্জাৱ শাসন কৰা আম আদমী পার্টীয়ে হিমাচল প্রদেশক লৈ আশা কৰিছিল যদিও ভোটাৰে দলটোক সম্পূর্ণৰূপে নশ্বাৎ কৰে৷ ৰাজ্যখনত এবাৰ এটা দলে ৫ বছৰ শাসন কৰাৰ পাছত আন এটা দলে শাসনৰ গাদীত অধিষ্ঠিত হোৱা পৰম্পৰা এইবাৰো বাহাল থাকিল৷ বিজেপিয়ে পৰম্পৰা ভংগ কৰি একেৰাহে দুবাৰ ৰাজ্যখন শাসনৰ আশা কৰিছিল যদিও কংগ্রেছে সেই আশা ধূলিসাৎ কৰে৷ অর্থাৎ ৰাজ্যখনত চলি অহা শাসনৰ পৰম্পৰা অব্যাহত থাকিল৷ বিজেপিৰ মুখ্যমন্ত্রী জয়ৰাম ঠাকুৰে ষষ্ঠবাৰৰ বাবে বিধায়ক হিচাপে নির্বাচিত হয়৷ দলৰ পৰাজয়ত জনতাৰ জনাদেশক মানি লৈ মুখ্যমন্ত্রী ঠাকুৰে আজি সন্ধিয়া ৰাজ্যপালক পদত্যাগ পত্র দাখিল কৰে৷ ৰাজ্যপালে পদত্যাগ পত্র গ্রহণ কৰি নতুন চৰকাৰে শপত নোলোৱালৈকে তদাৰকী মুখ্যমন্ত্রী হিচাপে দায়িত্ব চলাই নিবলৈ আহ্বান জনায়৷

You might also like