নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৭৫ কোটি সূর্য নমস্কাৰ প্রকল্পত ৰাজ্যৰ ২৪০ শিক্ষানুষ্ঠানৰ নাম পঞ্জীয়ন

নিয়মীয়া বাৰ্তা  ২০ জানুৱাৰীঃ স্বাধীনতাৰ ৭৫ বছৰীয়া অমৃত মহোৎসৱ উপলক্ষে সমগ্র ভাষতবর্ষত ৭৫ কোটি সূর্য নমস্কাৰৰ প্রকল্প হাতত লোৱা হৈছে৷ ১ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা এই অভিযানৰ শুভাৰম্ভণি কৰিছিল আয়ুষ বিভাগৰ মন্ত্রী সর্বানন্দ সোণোৱাল, যোগর্ষি বাবা ৰামদেৱ আৰু হার্ট ফুলনেছ অনুষ্ঠানৰ দা’জীয়ে৷ এই প্রকল্পত ভাৰতৰ বিভিন্ন সংস্থাৰ উপৰি বিদেশৰ অনুষ্ঠান–শিক্ষানুষ্ঠান্ জডিত হৈছে৷ ভাৰত চৰকাৰৰ আয়ুষ, ক্রীডা, স্বাস্থ্য আৰু বিদেশ মন্ত্রণালয় জডিত হৈ প্রকল্পৰ কাম সুচাৰুৰূপে পৰিচালনা কৰিছে৷ অসমতো অসম যোগাসন ক্রীডা সন্থা, পতঞ্জলি যোগপীঠ, গীতা পৰিবাৰ, হার্টফুলনেছ, ক্রীডা ভাৰতী, বিদ্যা ভাৰতীৰ উদ্যোগত সূর্য নমস্কাৰ প্রকল্পৰ কাম সুচাৰুৰূপে পৰিচালনা কৰা হৈছে বুলি আয়োজক সমিতিৰ হৈ সভাপতি বিকাশ গোস্বামী আৰু সাধাৰণ সম্পাদক জ্যোতির্ময় শইকীয়াই বিজ্ঞপ্তিযোগে জানিবলৈ দিছে৷ অসমৰ প্রায় ২৪০ শিক্ষানুষ্ঠানে পঞ্জীয়ন কৰিছে৷ ব্যক্তিগতভাৱে ৮,৬৭০জন ইচ্ছুক লোকে নাম পঞ্জীয়নভুক্ত কৰিছে৷ বিভিন্ন ব্যক্তি তথা শিক্ষানুষ্ঠানৰ দ্বাৰা সূর্য নমস্কাৰৰ অভ্যাস কৰি থকা হৈছে৷ এই প্রকল্পৰ পঞ্জীয়নৰ সময় ২৮ জানুৱাৰীলৈকে বৃদ্ধি কৰা হৈছে৷ ১২ ফেব্রুৱাৰীত প্রকল্পৰ সামৰণি পৰিব বুলি বিজ্ঞপ্তিত প্রকাশ৷ ৰাজ্যিক সংযোজক হিচাপে প্রদীপবৰঠাকুৰ আৰু সমন্বয়ক হিচাপে সুখময় নাথ, ড০ বিনয় ভট্টাচার্য, অসীম বৰুৱা, দীপকজ্যোতি বডা আৰু কৌশিক দাসক দায়িত্ব অর্পণ কৰা হৈছে৷ প্রকল্পটোত ব্যক্তিগত আৰু অনুষ্ঠানৰ পঞ্জীয়ন কৰিবলৈ ৰাজ্যিক সমন্বয়কসকলৰ সৈতে যোগাযোগ কৰিবলৈ জনোৱা হৈছে৷ যোগাযোগ নং ৮১৩৩৯–১৭৬৯৫, ৮৮১১০–৬২২৬২, ৯৮৫৯০–৯১৪১১, ৯৪৩৫৩–৭৬৮০২, ৯১০১৬–৩৫৯৫৫, ৯৯৫৭০–৬৯৬০০৷

You might also like