নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ পৰা ১৪ দিনীয়াকৈ গুৱাহাটীত অসম গ্রন্থমেলা, দীপক বৰকাকতিলৈ সাহিত্য বঁটা

আজিৰে পৰা ১৪দিনীয়া বর্ণিল কার্যসূচীৰে গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ’ব অসম প্রকাশন পৰিষদ আৰু অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাই যৌথভাৱে আয়োজন কৰা অসম গ্রন্থমেলা, গুৱাহাটী৷

সকলোৰে আকাংক্ষিত গ্রন্থমেলাখনৰ প্রস্তুতি সম্পূর্ণ হৈ উঠিছে৷ অসম প্রকাশন পৰিষদৰ সচিব প্রমোদ কলিতাই এই বিষয়ে কয় যে ২০২৫–২৬ বর্ষৰ নির্ধাৰিত কার্যসূচী অনুসৰি বঙাইগাঁও, লখিমপুৰ, নলবাৰী, যোৰহাট, তিনিচুকীয়া, শিলচৰ আৰু মঙলদৈত অসম গ্রন্থমেলাৰ সফল সামৰণিৰ পিছত গুৱাহাটীত এই গ্রন্থমেলা আয়োজন কৰা হৈছে৷

ইয়াত মুঠতে ৰাজ্যৰ আৰু ৰাজ্যৰ বাহিৰৰ ১৩৫টাৰো অধিক প্রকাশন গোষ্ঠীয়ে যোগদান কৰিব৷ ইয়াৰ ভিতৰত আছে দিল্লী–হাৰিয়ানাৰ ১১টা, কলকাতাৰ ১৭টা, মুম্বাইৰ ২টা, হায়দৰাবাদৰ ১টা প্রকাশন গোষ্ঠী৷

সচিব কলিতাই অসম গ্রন্থমেলা, গুৱাহাটীলৈ সকলো পক্ষৰে সহযোগিতা আন্তৰিকতাৰে কমনা কৰি কয়– ‘আজি বিয়লি ৩ বজাত অসম গ্রন্থমেলা, গুৱাহাটীৰ উদ্বোধনী অনুষ্ঠান আয়োজন কৰা হ’ব৷ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথিৰূপে অংশগ্রহণ কৰিব মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ সভাখনত সভাপতিত্ব কৰিব শিক্ষামন্ত্রী তথা অসম প্রকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ৰণোজ পেগুৱে৷

ইয়াত মুম্বাইৰ পৰা আহি সন্মানীয় অতিথিৰূপে অংশগ্রহণ কৰিব প্রসিদ্ধ সাহিত্যিক–লেখক আমিশ ত্রিপাঠীয়ে৷ সভাখনত বিশিষ্ট অতিথি হিচাপে ডপস্থিত থাকিব অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামী৷’

১৪দিনীয়া অসম গ্রন্থমেলা, গুৱাহাটীৰ কার্যসূচী সদৰী কৰি তেওঁ কয় যে প্রতিদিনেই ভাষা–সাহিত্য–সংস্কৃতি, ইতিহাস আৰু সমাজ জীৱনৰ বিভিন্ন প্রাসংগিক আৰু গুৰুত্বপূর্ণ বিষয়ক আধাৰ কৰি গ্রন্থমেলাত আলোচনা সত্র অনুষ্ঠিত হ’ব৷

সেই অনুসৰি ২৫ ডিচেম্বৰৰ বিয়লি ২.৩০ বজাত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবর্ষ উপলক্ষে ‘ড০ ভূপেন হাজৰিকাৰ গীতত সমকালীনতা’ শীর্ষক আলোচনা সত্র আয়োজন কৰা হ’ব৷ বিশিষ্ট লেখক, অভিধান প্রণেতা সুমন্ত চলিহাৰ সঞ্চালনাত অনুষ্ঠিত হ’বলগীয়া এই আলোচনা সত্রখনত আলোচক অতিথিৰূপে অংশগ্রহণ কৰিব বিশিষ্ট সংগীত শিল্পী কমল কটকী, ৰঞ্জন বেজবৰুৱা আৰু বিশিষ্ট লেখক–সমালোচক ড০ বিৰিঞ্চি কুমাৰ দাসে৷

২৬ ডিচেম্বৰৰ বিয়লি ২.৩০ বজাত ‘কবি, গীতিকাৰ কেশৱ মহন্তৰ গীত–কবিতাৰ মাধুর্য’ শীর্ষক আলোচনা সত্রখন বিশিষ্ট সংগীত শিল্পী ৰমেন চৌধুৰীয়ে উদ্বোধন আৰু সাহিত্য–সমালোচক অৰিন্দম বৰকটকীয়ে সঞ্চালনা কৰিব৷ কবিগৰাকীলৈ জন্ম শতবর্ষৰ শ্রদ্ধার্ঘ্য জনাই আয়োজন কৰা এই আলোচনা সত্রত আলোচক হিচাপে অংশ ল’ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক, কবি–সমালোচক ড০ এম কামালুদ্দিন আহমেদ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপক, লেখক–সমালোচক ড০ প্রাঞ্জল শর্মা বশিষ্ঠই৷

২৭ ডিচেম্বৰত বিয়লি ১২ বজাত যুৱ লেখকৰ সন্মিলন ‘উন্মীলন’ উদ্বোধন কৰিব বিশিষ্ট সাহিত্যিক–সাংবাদিক মনোজ কুমাৰ গোস্বামীয়ে৷ লেখক–সমালোচক সমীৰ শাণ্ডিল্যই সঞ্চালনা কৰিবলগীয়া এহ অনুষ্ঠানত নির্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব জর্জিয়া ইউনিভার্ছিটীৰ অধ্যাপক, লেখক–সমালোচক আৰুণি কাশ্যপ৷ ইয়াৰ পিছত বিয়লি ৩ বজাত প্রসিদ্ধ কবি অজিৎ বৰুৱাৰ জন্ম শতবর্ষৰ শ্রদ্ধার্ঘ্য হিচাপে অনুষ্ঠিত হ’ব ‘আধুনিকতাবাদ আৰু কবি অজিৎ বৰুৱা’ শীর্ষক আলোচনা সত্র৷ ডিব্রুগড় বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অৱসৰপ্রাপ্ত অধ্যাপক, বিশিষ্ট সাহিত্য সমালোচক ড০ আনন্দ বৰমুদৈয়ে সঞ্চালনা কৰিবলগীয়া এই আলোচনা সত্রত আলোচকৰূপে অংশগ্রহণ কৰিব কটন বিশ্ববিদ্যালয়ৰ দর্শন বিভাগৰ অৱসৰপ্রাপ্ত অধ্যাপক, বিশিষ্ট সমালোচক প্রদীপ খাটনিয়াৰ, কৃষকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক, কবি–লেখক ড০ প্রাণজিৎ বৰা আৰু ছয়দুৱাৰ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহযোগী অধ্যাপক, লেখক–অনুবাদক ড০ অৰিন্দম শর্মাই৷

২৮ ডিচেম্বৰত আয়োজন কৰা হ’ব অসম গ্রন্থমেলাৰ অন্যতম আকর্ষণীয় কার্যক্রমণিকা ‘শিশুৰ দিন’৷ পুৱা ৯.৩০ বজাত ‘শিশুৰ দিন’ উদ্বোধন কৰিব বিশিষ্ট শিশু সাহিত্যিক বন্দিতা ফুকনে৷ এই দিনটোতে সন্ধিয়া ৬ বজাত মুম্বাইৰ পৰা আহি অন্তৰংগ আলাপত অংশ ল’ব বিশিষ্ট লেখক, চিত্র নাট্যকাৰ, কবি, গীতিকাৰ অক্ষত গুপ্তাই৷ এই অনুষ্ঠান পৰিচালনা কৰিব নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচার্য, বিশিষ্ট লেখক–সাংবাদিক ড০ সমুদ্রগুপ্ত কাশ্যপে৷

২৯ ডিচেম্বৰৰ বিয়লি ২.৩০ বজাৰ আলোচনা সত্রৰ বিষয় হৈছে ‘অসমীয়া উপন্যাসত সমাজ বাস্তৱতাঃ সাম্প্রতিক কথন’৷ আলোচনা সত্রখন উদ্বোধন কৰিব বিশিষ্ট সাহিত্যিক ফণীন্দ্র কুমাৰ দেৱচৌধুৰীয়ে আৰু সঞ্চালনা কৰিব বিশিষ্ট সাহিত্যিক–সাংবাদিক অনুৰাধা শর্মা পূজাৰীয়ে৷ ইয়াত আলোচক হিচাপে উপস্থিত থাকিব বিশিষ্ট সাহিত্যিক জয়ন্ত মাধৱ বৰা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক, লেখক ড০ বিমল মজুমদাৰ আৰু ৰাধাগোবিন্দ বৰুৱা মহবিদ্যালয়ৰ সহযোগী অধ্যাপক, লেখক ড০ লিপিকা তালুকদাৰ৷

৩০ ডিচেম্বৰত বিয়লি ২.৩০ বজাত ‘অসমীয়া সাহিত্যত ৰাজনৈতিক ছদ্মৰূপী ব্যাখ্যান’ শীর্ষক আলোচনা সত্র উদ্বোধন কৰিব বিশিষ্ট ইতিহাসবিদ, মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়, নগাঁও (গুৱাহাটী গোট)ৰ অধ্যাপক ড০ গজেন্দ্র অধিকাৰীয়ে৷ ইয়াত আলোচক অতিথিৰূপে অংশ ল’ব জ্যেষ্ঠ সাংবাদিক–লেখক ৰূপম বৰুৱা, পুলিন কলিতা, প্রকৃতিবিদ–লেখক সৌম্যদীপ দত্ত, লেখক–সমালোচক দেৱিকা দত্ত, অভিজ্ঞান অনুৰাগ আৰু ভাস্কৰজ্যোতি নাথে৷ অনুষ্ঠানটি পৰিচালনা কৰিব জ্যেষ্ঠ সাংবাদিক–লেখক নৱ ঠাকুৰীয়াই৷

৩১ ডিচেম্বৰত বিয়লি ১ বজাৰ পৰা আয়োজন হ’ব বিশেষ অনুষ্ঠান ‘গ্রন্থ যাত্রাৰ সুহূদ সম্বোধন’৷ এহ অনুষ্ঠান পৰিচালনা কৰিব নর্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক, লেখক–গৱেষক ড০ অৰবিন্দ ৰাজখোৱাই৷ সিদিনা বিয়লি ৩ বজাত বিশিষ্ট কবি–লেখক, বিজ্ঞানী বিপুলজ্যোতি শইকীয়াৰ সঞ্চালনাৰে অনুষ্ঠিত হ’ব অসম গ্রন্থমেলা, গুৱাহাটীৰ কবি সন্মিলন৷

১ জানুৱাৰীত বিয়লি ২.৩০ বজাত অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি, বিশিষ্ট সাহিত্যিক ড০ ধ্রুৱজ্যোতি বৰাই উদ্বোধন কৰিব ‘গল্প গাথা’ শীর্ষক অনুষ্ঠান৷ এই অনুষ্ঠানটি সঞ্চালনা কৰিব কবি–গল্পকাৰ অতনু ভট্টাচার্যই৷

২ জানুৱাৰীত বিয়লি ২.৩০ বজাত ‘সাহিত্য আলচ’ শীর্ষক লেখক–পাঠক সমাৰোহ উদ্বোধন কৰিব জ্যেষ্ঠ আৰক্ষী বিষয়া, লেখক নোমল মাহাত্তাই৷ অনুষ্ঠানটি সঞ্চালনা কৰিব অসমীয়া প্রতিদিন কাকতৰ মুখ্য সহযোগী সম্পাদক অচ্যুৎ কুমাৰ পাটোৱাৰীয়ে৷

৩ জানুৱাৰীত দিনৰ ১১ বজাত আয়োজন হ’ব মহিলাসকলৰ ভিন্নসুৰী অনুষ্ঠান৷ বিয়লি ৩ বজাৰ পৰা বহুভাষিক কবি সন্মিলন সঞ্চালনা কৰিব কবি, চলচ্চিত্র সমালোচক অপৰাজিতা পূজাৰীয়ে৷ ইয়াত অংশগ্রহণ কৰিব হায়দৰাবাদ আৰু উত্তৰ প্রদেশৰ বিশিষ্ট কবিদ্বয় ক্রমে ৰমেশ কার্তিক আৰু গৌৰৱ পাণ্ডেই।

৪ জানুৱাৰীত পুৱা ৯ বজাত অসম গ্রন্থমেলা, গুৱাহাটীৰ দ্বিতীয়টো ‘শিশুৰ দিন’ উদ্বোধন কৰিব কবি–সাহিত্যিক, গুৱাহাটী মহানগৰৰ আৰক্ষী আয়ুক্ত পার্থসাৰথি মহন্তই৷

৫ জানুৱাৰীৰ বিয়লি ২.৩০ বজাত অনুষ্ঠিত হ’ব ‘অসমীয়া নাট্য আন্দোলনঃ পৰম্পৰা আৰু বিৱর্তন’ শীর্ষক আলোচনা সত্র৷ বিশিষ্ট নাট্যকাৰ, পৰিচালক, অভিনেতা দুলাল ৰয়ে উদ্বোধন আৰু নাট্যকাৰ–পৰিচালক জিতেন শর্মাই পৰিচালনা কৰিবলগীয়া এই আলোচনা সত্রত আলোচক অতিথিৰূপে অংশগ্রহণ কৰিব নাট্যকাৰ, নাট পৰিচালক, নাট সমালোচক ক্রমে কৰুণা ডেকা, মাণিক আহমেদ, ড০ সঞ্জীৱ কুমাৰ শর্মাৰ লগতে কৃষকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক, লেখক ড০ মৃণালজ্যোতি গোস্বামী আৰু চিৰাঙৰ শিক্ষণ মহাবিদ্যালয়ৰ অধ্যক্ষ, লেখক ড০ চৈয়দা নাছিফা হছলাম ৰাজবংশীয়ে৷ ইয়াৰ পিছতে সন্ধিয়া ৬ বজাৰ পৰা অন্তৰংগ আলাপত অংশগ্রহণ কৰিব ওড়িশাৰ বিশিষ্ট সাহিত্যিক পাৰমিতা শতপথীয়ে৷

৬ জানুৱাৰীত বিয়লি ২.৩০ বজাত অনুষ্ঠিত হ’ব অসম গ্রন্থমেলা, গুৱাহাটীৰ সামৰণী অনুষ্ঠান৷ সামৰণী অনুষ্ঠানত মুখ্য অতিথিৰূপে অংশগ্রহণ কৰিব শিক্ষামন্ত্রী তথা অসম প্রকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ৰণোজ পেগুৱে৷ সামৰণী সভাখনত সন্মানীয় অতিথিৰূপে অংশগ্রহণ কৰিব ওড়িশাৰ বিশিষ্ট সাহিত্যিক পাৰমিতা শতপথী, বিশিষ্ট লেখক–সাহিত্যিক অৰূপ কুমাৰ দত্ত, তেজপুৰ বিশ্ববিদ্যালয়ৰ অৱসৰপ্রাপ্ত সম–উপাচার্য ড০ অমৰজ্যোতি চৌধুৰী আৰু সাহিত্য অকাডেমিৰ অসমীয়া ভাষা উপদেষ্টা সমিতিৰ আহ্বায়ক দিগন্ত বিশ্ব শর্মাই৷ গ্রন্থমেলাৰ প্রতি সন্ধিয়া বিভিন্ন বিদ্যায়তনিক অনুষ্ঠানৰ মাজত আয়োজন হ’ব মনপৰশা সাংস্কৃতিক অনুষ্ঠান৷

দীপক কুমাৰ বৰকাকতিলৈ প্রকাশন পৰিষদৰ সাহিত্য বঁটা
অসম প্রকাশন পৰিষদে ২০২৫ বর্ষৰ সাহিত্য বঁটা ঘোষণা কৰিছে৷ এইবাৰ প্রকাশন পৰিষদৰ সাহিত্য বঁটা লাভ কৰিছে দীপক কুমাৰ বৰকাকতিয়ে৷ বৰকাকতিয়ে তেওঁৰ ঐশ্বর্য নামৰ উপন্যাসখনৰ বাবে এই বঁটা লাভ কৰিছে৷

অসম প্রকাশন পৰিষদৰ সচিব প্রমোদ কলিতাই এই কথা ঘোষণা কৰে৷ উল্লেখ কৰিব পাৰি যে এই সাহিত্য বঁটাৰ সৈতে আছে পাঁচ লাখ টকা৷ আনহাতে, গ্রন্থখনৰ প্রকাশক বান্ধবলৈকেও অসম প্রকাশন পৰিষদৰ বঁটা আগবঢ়োৱা হৈছে৷ এই বঁটাত আছে তিনি লাখ টকা৷

উল্লেখ্য যে অসম প্রকাশন পৰিষদৰ সাহিত্য বঁটা লাভ কৰা দীপক কুমাৰ বৰকাকতিয়ে বর্তমানলৈকে ৯খন উপন্যাস, ৬খন উপন্যাসিকা, এখন চুটিগল্পৰ সংকলন আৰু বহু প্রবন্ধ সংকলন প্রকাশ কৰিছে৷ মিজো আন্দোলনৰ পটভূমিত তেওঁ লিখা ডিকটন নামৰ উপন্যাস অতি জনপ্রিয়৷ আনহাতে, শিশুসকলৰ বাবে তেওঁ ৰচনা কৰিছে দুখনকৈ গ্রন্থ৷ তাৰে এখন ড’ৰৱে টু ছাইন্স নামৰ গ্রন্থখন নতুন দিল্লীৰ চিলড্রেন বুক ট্রাষ্টে ১৯৯২ চনতে প্রকাশ কৰাৰ উপৰি তিনিতা তাঙৰণ প্রকাশ কৰিছে৷ দেশ বিভাজন, ভেৰোণীয়া মাতৃত্ব, সামাজিক পৰিৱর্তন আদি তেওঁৰ উপন্যাসৰ মূল বিষয়বস্তু যদিও ‘মহানগৰৰ নজন নিবাসী’ নামৰ উপন্যাসখনত ১৯৩২ চনত ষ্টেলিনৰ বিৰুদ্ধে লেলিনগ্রেডৰ ৯জন টলষ্টয়বাদীয়ে মহাত্মা গান্ধীৰ অহিংস নীতিৰ দ্বাৰা উদ্বুদ্ধ হৈ কৰা আন্দোলনৰ চিত্র প্রস্ফুটিত কৰিছে৷

ডিজিটেল ডেস্ক, ২৪ ডিচেম্বৰ

You might also like